ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম তথা বৃহত ইলেক্টনিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান এপলে ভাৰতক শেহতীয়াকৈ অধিক গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ বৰ্ধিত বজাৰ তথা ইয়াৰ ব্যৱসায়িক পৰিধি দেখি এপলে ভাৰতত নতুনকৈ এক সুকীয়া ইউনিটো স্থান কৰিছে। এনে ইউনিট কেৱল আমেৰিকা আৰু জাৰ্মানীতহে ইয়াৰ পূৰ্বে স্থাপন কৰিছে এপলে।
এপলে ভাৰতত এনেদৰে ব্যৱসায়িক পৰিধি বৃদ্ধি কৰাৰ আৰঁতো কৰিছে নতুন এক পৰিকল্পনা। অতি শেহতীয়াকৈ এপলে ভাৰতত আইফোন-১৬ৰ প্ৰস্তুত কৰি ব্যৱসায়িক দিশত সফলতা লাভ কৰাৰ পাছতে এইবাৰ এতিয়া অন্য এক বৃহত খোজ দিব বিচাৰিছে। ২০২৭বিত্তীয় বৰ্ষৰ ভিতৰত ভাৰতত এপলে আইফোন মুঠ উতপাদনৰ ২৬শতাংশ ভাৰততে প্ৰস্তুত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
২০২৭ৰ লৈকে এপলে বিশ্বব্যাপি ফোনৰ বজাৰখনত প্ৰায় ৩২শতাংশ দখলৰ লক্ষ্য লৈছে। এই আইফোনৰ বজাৰখনৰ ব্যৱসায়িক মূল্য হব প্ৰায় ৩৪বিলিয়ন ডলাৰ। এই বিষয়টোক লৈ ইতিমধ্যে এপলৰ প্ৰতিনিধিয়ে ভাৰত চৰকাৰৰ সৈতে কেইবালানিও বৈঠকত বহিছে। সকলো ঠিকে ঠাকে থাকিলে ২০২৭ত আইফোন নিৰ্মাণৰ ক্ষেত্ৰত অন্যতম তথা শীৰ্ষ দেশ হিচাপে বিবেচিত হ’ব ভাৰত।
প্ৰণিধানযোগ্য যে, ভাৰতত শেহতীয়াকৈ আইফোনৰ ব্যৱহাৰ অতিকৈ বৃদ্ধি পাইছে। এক সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি, ভাৰতৰ মুঠ আইফোন ব্যৱহাৰকাৰীৰ প্ৰায় ৭০শতাংশ লোকে আইফোন ক্ৰয় কৰে ই এম আইত। গতিকে ভাৰতত আইফোনৰ প্ৰতি থকা এই দুৰ্বলতা দেখিয়ে ভাৰতত এপলে বৃদ্ধি কৰিছে ব্যৱসায়িক পৰিধি।