এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্রাক এখোজ আগুৱাই ৪৬৫গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান...

এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্রাক এখোজ আগুৱাই ৪৬৫গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান...

author-image
Asomiya Pratidin
New Update
এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্রাক এখোজ আগুৱাই ৪৬৫গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৰাজ্য চৰকাৰে অব্যাহত ৰখা এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্রাক এখোজ আগুৱাই ৪৬৫ গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্রার্থীসকলক শিক্ষা, শক্তি আৰু তথ্য- জনসংযোগ, মুদ্রণ আৰু লেখন সামগ্ৰী বিভাগৰ অধীনত নিযুক্তি পত্র প্রদান কৰে। উল্লেখযোগ্য যে বিগত সময়ত ৯৭,৫০৫গৰাকী প্রার্থীক চাকৰি প্রদানৰ পাছত ৪৬৫গৰাকীক নিযুক্তি প্ৰদান কৰে।

৪৬৫গৰাকীৰ ভিতৰত শক্তি বিভাগৰ ৩০৬ গৰাকী, শিক্ষা বিভাগৰ ১৪৯ গৰাকী আৰু তথ্য আৰু জনসংযোগ বিভাগৰ ১০গৰাকীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় । এই এক লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত ২০২৫ চনৰ মে’ মাহৰ ভিতৰত ৫০ হাজাৰ অতিৰিক্ত নিযুক্তি প্ৰদান কৰা হব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ো উল্লেখ কৰে।

ইফালে মুখ্যমন্ত্রীয়ে সমগ্র শিক্ষা-অসমৰ অধীনৰ মৃত কৰ্মচাৰী আৰু টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষক- শিক্ষয়িত্ৰীৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে মৃত্যু হোৱা প্ৰতিগৰাকী কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰণোজ পেগু, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা আদি‌ উপস্থিত থাকে।

Also Read: কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া জীৱেশ ৰায়...

Dr. Himanta Biswa Sarma