ভুৱা জাতিৰ প্ৰমাণপত্ৰৰে উচ্চ পদত নিযুক্তি

বৰপেটা জিলাৰ বহৰি গাঁৱত সংঘটিত হৈছেো এটা গম্ভীৰ জালিয়াতিৰ কাহিনী। বহৰিৰ বাসিন্দা বাসুদেৱ দাসৰ বিৰুদ্ধে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ দাখিল কৰি ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত উচ্চ পদত চাকৰি লাভ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে।

author-image
Asomiya Pratidin
New Update
dh

ডিজিটেল সংবাদ, বৰপেটা : বৰপেটা জিলাৰ বহৰি গাঁৱত সংঘটিত হৈছেো এটা গম্ভীৰ জালিয়াতিৰ কাহিনী। বহৰিৰ বাসিন্দা বাসুদেৱ দাসৰ বিৰুদ্ধে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ দাখিল কৰি ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত উচ্চ পদত চাকৰি লাভ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, বাসুদেৱ দাসে নিজ পিতৃক নগৰবেৰা পাহাৰ পাৰাৰ আটা-পিতাৰূপে উল্লেখ কৰি জালিয়াতি কৰি অনুসূচিত জাতিৰ পত্ৰ সংগ্ৰহ কৰি লয়। কিন্তু বাস্তৱতঃ বাসুদেৱৰ পূৰ্বপুৰুষ তথা মূল বাসগৃহ বৰপেটা জিলাৰ বহৰি গাঁৱত। 

উল্লেখযোগ্য যে, একে পিতৃৰ সন্তান হিচাপে বাসুদেৱৰ ভায়েকৰ জাতি শংসাপত্ৰ বৈধ নহয়, অথচ বাসুদেৱ দাসে ভুৱা নথি-পত্ৰৰে চৰকাৰী চাকৰি কৰি আছে কেনেকৈ? এই তথ্য বাহিৰলৈ অহাৰ পিছত বাসুদেৱ দাসৰ নিজ ভায়েকে জিলা প্রশাসন, ৰাজহ বিভাগ, আৰু আন দায়িত্বশীল বিভাগসমূহক অৱগত কৰিলেও এতিয়ালৈকে কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। 

আনহাতে বহৰি গাঁৱৰ গাঁও প্ৰধানেও এই অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছে বাসুদেৱৰ আত্মীয় পক্ষই। প্ৰশ্ন উঠিছে - কিদৰে এই ধৰণৰ জাল নথি জিলা আয়ুক্ত অফিচত গ্ৰহণ কৰা হ'ল ? কিয় এতিয়ালৈকে কোনো অনুসন্ধান বা আইনগত পদক্ষেপ গ্ৰহণ কৰা নহ'ল? এই সংক্ৰান্তত মঙলবাৰে এখন সংবাদমেল অনুষ্ঠিত হয়। 

সাম্প্ৰতিক এই অনিয়মে সমগ্ৰ অঞ্চলজুৰি অসন্তোষৰ সৃষ্টি কৰিছে।  বাসুদেৱ দাসৰ বিৰুদ্ধে অবিলম্বে তদন্ত আৰম্ভ কৰি আইনগত ব্যৱস্থা ল’ব  লাগে আৰু জড়িত সকলোকে বিচাৰৰ আওতালৈ অনিব লাগে বুলি একাংশই উল্লেখ কৰে।

barpeta