ডিজিটেল ডেস্কঃ অৰুণাচলৰ ইষ্ট কামেং জিলাৰ এখন চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। চোকা অস্ত্ৰৰে এগৰাকী লোকে এফালৰ পৰা হস্পাতালত থকা সকলো ৰোগী আৰু আত্মীয়ক আক্ৰমণ কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। ইষ্ট কামেং জিলাৰ ছিপ্পাস্থিত জিলা হস্পাতালখনত বৃহস্পতিবাৰে পুৱাভাগত সংঘটিত হৈছে এই ঘটনা।
এই আক্ৰমণৰ সময়ত আক্ৰমণকাৰীৰ পৰিয়ালো আছিল হস্পাতালখনতে। আক্ৰমণকাৰীয়ে পত্নী আৰু কন্যাৰ ওপৰত নৃশংসভাৱে কৰা আক্ৰমণৰ বাবে থিতাতে মৃত্যু হয় লোকগৰাকীৰ পত্নী আৰু কন্যা। এই ঘটনাত এতিয়ালৈকে ৩গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৭গৰাকীকৈ ব্যক্তি আহত হৈছে। মৃত্যু হোৱা আনগৰাকী লোক আছিল হস্পাতালখনে ভৰ্তি হৈ থকা ৰোগীৰ আত্মীয়।
জিলাখনৰ আৰক্ষী অধীক্ষক কামডম ছিকমে সদৰি কৰা অনুসৰি, আক্ৰমণকাৰীৰ বয়স ৪০বছৰ আৰু তেওঁৰ নাম নিকম ছঙ্গৱিয়া। তেওঁ অৰুণাচলৰ বাঙ্মেগ অঞ্চলৰ নিৱাসী। হঠাতে হস্পাতালত প্ৰৱেশ কৰি এফালৰ পৰা কৰা আক্ৰমণৰ ফলত মৃত্যু হোৱা মহিলাগৰাকী হৈছে আক্ৰমণকাৰীৰ পত্নী। তাডু ছঙ্গৱিয়াৰ বয়স ৩৮ আৰু নিহত হোৱা কন্যাগৰাকীৰ বয়স মাত্ৰ ২বছৰ।
ঘটনাৰ খবৰ প্ৰায়ে আৰক্ষীৰ লোকৰ হস্পাতালখনত উপস্থিত হৈছিল যদিও আক্ৰমণকাৰীয়ে আৰক্ষীকো আক্ৰমণ কৰে। যাৰ ফলত এগৰাকী আৰক্ষীয়ে হাতত আঘাত পাই বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। হস্পাতাল কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, আহত ৭গৰাকীৰ ভিতৰত ৫গৰাকীৰ অৱস্থাও সংকটজনক।
আৰক্ষীয়ে লোকগৰাকীক গ্ৰেপ্তাৰ কৰি প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে যে, আক্ৰমণকাৰী মানসিকভাৱে অস্থিৰ হোৱা বাবেই এনে ভয়ংকৰ কাম কৰিব পাৰিলে। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই এনেদৰে আক্ৰমণ কৰাৰ কথা আক্ৰমণকাৰীয়ে প্ৰকাশ কৰিছে বুলি সংবাদমাধ্যমক সদৰি কৰিছে আৰক্ষীয়ে।