মাজৰবাৰী বুধবৰীয়া বজাৰৰ পৰা কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা জব্দ...

ধেমাজি জিলা আবকাৰী বিভাগটো দীৰ্ঘদিনে নিষ্ক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে দেখা গৈছে ইয়াৰ সক্ৰিয় ৰূপ। হঠাৎ সাৰ পোৱা দেখা গৈছে আবকাৰী বিভাগ।

author-image
Asomiya Pratidin
New Update
অৰুণাচলী সুৰা জব্দ

ডিজিটেল সংবাদ, চিলাপথাৰ : ধেমাজি জিলা আবকাৰী বিভাগটো দীৰ্ঘদিনে নিষ্ক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে দেখা গৈছে ইয়াৰ সক্ৰিয় ৰূপ।  হঠাৎ সাৰ পোৱা দেখা গৈছে আবকাৰী বিভাগ।

অবৈধ সুৰাৰ প্ৰচলনৰ বিৰুদ্ধে ধেমাজি জিলাৰ আবকাৰী বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শনিবাৰে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী বুধবৰীয়া বজাৰত হঠাৎ অভিযান চলালে বিশাল বাহিনীয়ে। 

ধেমাজি জিলাৰ দক্ষ আবকাৰী বিষয়া পৰিদৰ্শক দেৱজ্যোতি সন্দিকৈৰ নেতৃত্বত যোৱা বিভাগীয় বিশাল বাহিনীয়ে বুধবৰীয়া বজাৰত অভিযান চলাই  জব্দ কৰে বুজন পৰিমাণৰ অৰুণাচলী সুৰা। জব্দ হোৱা সুৰবোৰৰ অধিকাংশই কেনফিচাৰ, তবাৰেজ আৰু ৰেডষ্টাৰ জাতীয় পানীয়ৰ কাৰ্টুন।

লগতে আছে বিশাল পৰিমাণৰ মেকডল ব্ৰেণ্ডৰ  মদ। জব্দকৃত মদবোৰ ৰাস মেলাত বিক্ৰীৰ বাবে অৰুণাচল প্ৰদেশৰ পৰা আমদানি কৰা বুলি জানিব পৰা গৈছে। যোৱা শুকুৰবাৰেও চিলাপথাৰ অঞ্চলৰ ২ নং শিৱনগৰ পৰা ২১ কাৰ্টুন কিংফিচাৰ বিয়েৰৰ লগতে বহু মেকডল আৰু এইট পি এম নামৰ অৰুণাচলী বিলাতী মদ জব্দ হোৱা বুলি জানিব পৰা গৈছে। আবকাৰী বিভাগৰ এই অভিযানকলৈ অতাংকিত হৈ পৰিছে অবৈধ মদৰ ব্যৱসায়ীসকল ।

উল্লেখ্য যে, শেহতীয়াকৈ চিলাপথাৰৰ চুকে- কোণে অবৈধ মদৰ ব্যাপক প্ৰচলন বৃদ্ধিৰ ঘটনাই ৰাইজক উদ্বিগ্ন কৰি তুলিছে। কেৱল বৰবিহত পৰিণত সুৰাই নহয়, অঞ্চলটোত অব্যাহত আছে চুলাই মদ, ভাং, গাঞ্জাৰ লগতে বিষাক্ত ড্ৰাগছৰ অবাধ প্ৰচলন।

সকলো ধৰণৰ অবৈধ নিচাযুক্ত দ্ৰব্যৰ সেৱনকাৰী আৰু বেপাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আবকাৰী বিভাগৰ প্ৰতি ৰাইজে আহ্বান জনাইছে । 

silapathar