ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টি অধ্যক্ষ তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হাৰিয়ানাত জোৰদাৰভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিদিনতে জনসভাত অংশ লোৱা কেজৰিৱালে প্ৰতিখন সভাতে সমালোচনাৰে থকা-সৰকা কৰিছে বিজেপিক।
শেহতীয়াকৈ এখন সভাত কেজৰিৱালে বিজেপিক কটাক্ষ কৰি কয় যে, বিজেপিয়ে মোক জেলত দিলে। মোৰ অপৰাধ আছিল যে, দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই চৰকাৰী স্কুলবোৰ ভাল কৰিছিলো। দিল্লী আৰু পাঞ্জাৱত ফ্ৰী বিজুলী দিলো, বয়োজ্যেষ্ঠজনক বিনামূলীয়াকৈ তীৰ্থযাত্ৰা কৰোৱাটোৱে মোৰ অপৰাধ। যাৰ বাবে বিজেপিয়ে মোক জেলৰ ভাত খোৱালে।
কোনো ভ্ৰষ্টাচাৰী নেতাই এনে কাম কৰিব নোৱাৰে। দিল্লীত ফ্ৰী বিজুলী দিবলৈ ৩হাজাৰ কোটি টকাৰ আৱশ্যক। আমি সেই পুঁজি যোগাৰ কৰিছিলো। দুৰ্নীতিপৰায়ণ নেতা হোৱা হলে এই ধন জেপত ভৰালেহেতেন- এইদৰে কয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
কেজৰিৱালে লগতে কয়, দেশৰ ২২খন ৰাজ্যত বিজেপিৰ চৰকাৰ আছে। সেই ৰাজ্যবোৰত বিজুলীৰ মূল্য সবাতোকৈ বেছি। কামক লৈ মোৰ লগত ৰাজনীতি কৰিব নোৱাৰি বিনাদোষত মোক জেললৈ পঠালে। জেলত মোক নিশেষ কৰিবলৈ চেষ্টা কৰিছিল, মোৰ ঔষধ বন্ধ কৰি দিছিল। কিন্তু আপোনালোকৰ কৃপাত মই সুস্থ হৈ ওলাই আহিলো।
হাৰিয়ানাবাসীৰ পৰা ভোট ভিক্ষা কৰি কেজৰিৱালে কয় যে, আমাৰ এবাৰ সুযোগ দিয়ক হাৰিয়ানাক সেৱা কৰিবলৈ। হাৰিয়ানাতো আমি চৰকাৰী স্কুল উন্নত কৰিম, ফ্ৰী বিজুলী দিম। দিল্লীত কংগ্ৰেছ আৰু বিজেপিক বিশ্বাস নকৰিব আমাক ভোট দিছিল। কিন্তু আমাৰ কাম দেখি এতিয়া সকলো দলক পাহৰি গল দিল্লীবাসীয়ে।