আদিবাসী লোক সকলৰ ভূমি আৰু জনজাতিকৰণৰ সমস্যা সমাধানৰ দাবী আছাৰ...

আদিবাসী লোক সকলৰ ভূমি আৰু জনজাতিকৰণৰ সমস্যা সমাধানৰ দাবী আছাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীৰ লোক সকলৰ ভূমি আৰু জনজাতি কাৰণৰ সমস্যা লৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ স্থিতিক তীব্ৰ সমালোচনা সদৌ আদিবাসী ছাত্ৰ এচোছিয়েচন চমুকৈ আছাৰ ।

অসমত বসবাস কৰা আদিবাসী সকলৰ ভূমি আৰু জনজাতিকৰণক লৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰ খনে গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে চিৰাঙৰ গৰুভাষাত সদৌ অসম আদিবাসী ছাত্ৰ এছোচিয়েচন চমুকৈ আছাৰ প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

"কা" আইনৰ জৰিয়তে যদি চৰকাৰে বিদেশীক নাগৰিকত্ব প্ৰদান কৰি ভূমিৰ অধিকাৰ দিব পাৰে তেনেক্ষেত্ৰত যুগ যুগ ধৰি অসমত বসবাস আদিবাসী সকলক কিয় ভূমিৰ অধিকাৰৰ বঞ্চিত কৰা হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে ?

বিটিআৰ প্ৰশাসনৰ মুৰব্বী প্ৰমোদ বড়োই সততে কৈ থাকে বিটিআৰত শান্তি ঘুৰি আহিছে ! যদি বিটিআৰ ত সঁচাকৈ শান্তি ঘুৰি আহিছে তেনেহলে ১৯৯২, ১৯৯৬ চনত গোষ্ঠীগত সংঘৰ্ষৰ সময়ত প্ৰাণৰ মায়াত নিজৰ ঘৰদুৱাৰ, কৃষিভূমিত এৰি অহা আদিবাসী সকলে আজিলৈকে কিয় নিজৰ গৃহত উভতি যাব পৰা নাই ! এতিয়াও চিৰাং জিলাৰ বিভিন্ন ঠাইত অস্থায়ী শিবিৰ বনাই দিয়া ঠাইতে থাকিব লগা হৈছে ।

এইদৰেই অসম চৰকাৰলৈ মুকলি প্ৰশ্ন কৰে আছাৰ কেন্দ্ৰীয় সভাপতি গুডউইন হেমব্ৰম । অকল ভূমিৰ সমস্যাই নহয় আদিবাসী সকলৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰতো বিজেপি চৰকাৰখনে আদিবাসী সকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে ! ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আদিবাসী সমাজ আৰু আছাই দিব বুলি সকিয়নী প্ৰদান কৰে আছাৰ সভাপতি জনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in