শাসনৰ নামত ভয় ভাবুকিৰে গণতন্ত্ৰক হত্যা কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফেঃ অশোক সিংহল

শাসনৰ নামত ভয় ভাবুকিৰে গণতন্ত্ৰক হত্যা কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফেঃ অশোক সিংহল

author-image
Asomiya Pratidin
New Update
শাসনৰ নামত ভয় ভাবুকিৰে গণতন্ত্ৰক হত্যা কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফেঃ অশোক সিংহল

ডিজিটেল সংবাদ, চিৰাং: চমু চাপি আহিছে উপ নিৰ্বাচনৰ দিন। লগে লগে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৩১ নং চিদলী বিধানসভা সমষ্টিত। আজি চিৰাং জিলাৰ কাশিকোত্ৰা টুংকুবাৰীত ৩১ নং চিদলী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংহল।

নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী অশোক সিংহলে কয় যে, বিটিআৰত বিগত ১৭ বছৰে বিপিএফৰ শাসনকালত এই অঞ্চলত বোমা বিস্ফোৰণ, ধনদাবী, অপহৰণ, হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। সেই ১৭ বছৰীয়া শাসন কালত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতাধীন বিপিএফ দলে বিটিচি শাসনৰ নামত ভয় ভাবুকিৰে গণতন্ত্ৰক হত্যা কৰিছিল।

লগতে কয়, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে ইমান দিনে ভয় ভাবুকিৰে ভোটাৰ ৰাইজৰ পৰা ভোট আদায় কৰিছিল। হাতত বন্দুক লৈ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে গণতন্ত্ৰক হত্যা কৰাৰ কাম কৰি আছিলে।

কিন্তু ২০২০ চনত অসম চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ উদ্যোগত তদানীন্তন এবছুৰ সভাপতি প্ৰমোদ বড়োৰ একান্ত প্ৰচেষ্টাত বিটিআৰ শান্তিচুক্তি সম্পাদিত হোৱাৰ পিছত বিটিআৰত অশান্তি আৰু হিংসাৰ বাতাবৰণৰ যৱনিকা পেলাই শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছো।শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ পিছত বিটিআৰত আৰম্ভ হৈছে প্ৰগতি আৰু উন্নয়নৰ কাম-কাজ।

বিটিআৰৰ শান্তি আৰু উন্নয়নৰ ধাৰা বজাই ৰাখিবলৈ চিদলীত মিত্ৰজোঁট ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ট্ৰেক্টৰৰ ছবিত ভোট প্ৰদান কৰিবলৈ আজি জিলা খনৰ ঠুংকুবাৰীত অনুষ্ঠিত চিদলী বিধান সভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভোটাৰ ৰাইজক আহ্বান জনাই মন্ত্ৰী অশোক সিংহলে।

আজি চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত মন্ত্ৰী অশোক সিংহালৰ সৈতে সংগ দিয়ে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, ইউপিপিএল দলৰ জিলা সম্পাদক অমৰ সিং ব্ৰহ্ম, জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় সহ এনডিএ মিত্ৰজোঁটৰ অন্যান্য নেতা কৰ্মী সকল ।

Also Read: প্ৰবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থঃ দিছপুৰ হাস্পতালৰ ভেণ্টিলেচনত ভৰ্তি...

ashok singhal