৫ ছেপ্টেম্বৰৰ পৰা এছিয়া কাপঃ ভাৰত-পাকিস্তানে খেলিব ৩ খন মেচ !

২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছতে দাবী উত্থাপন হৈছিল খেল পথাৰতো ভাৰতে পাকিস্তানক বৰ্জন কৰা উচিত। বিশেষকৈ ক্ৰিকেটত ভাৰতে যাতে পাকিস্তানৰ সৈতে নেখেল সেই দাবী তীব্ৰ হৈছিল। 

author-image
Asomiya Pratidin
New Update
৫ ছেপ্টেম্বৰৰ পৰা এছিয়া কাপঃ ভাৰত-পাকিস্তানে খেলিব ৩ খন মেচ !

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছতে দাবী উত্থাপন হৈছিল খেল পথাৰতো ভাৰতে পাকিস্তানক বৰ্জন কৰা উচিত। বিশেষকৈ ক্ৰিকেটৰ কোনোধৰণৰ প্ৰতিযোগিতাতে ভাৰতে যাতে পাকিস্তানৰ সৈতে খেল পথাৰত নানামে সেই দাবী তীব্ৰতৰ হৈছিল। 

তাৰ মাজতেই চৰ্চা হৈছিল সমাগত এছিয়া কাপত অংশগ্ৰহণ নকৰে ভাৰতে। পাকিস্তানৰ বাবেই এই প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ পৰা আঁতৰত থাকিব ভাৰত। কিন্তু তাৰ পিছতেই নিশ্চিত হয় এই খবৰ অসত্য। 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে তেনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। খবৰ অনুসৰি শীঘ্ৰেই আনুষ্ঠানিকভাৱে প্ৰকাশ পাব এছিয়া কাপৰ সূচী। আৰু এই সূচীতে ভাৰত আৰু পাকিস্তান কেতিয়া মুখামুখি হ’ব সেয়াও নিশ্চিত হ’ব। 

খবৰ অনুসৰি এছিয়া কাপত এটা সপ্তাহতে ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব দুখনকৈ মেচ। কেৱল সেয়াই নহয়, হয়তো প্ৰতিযোগিতাখনত ভাৰত-পাকিস্তানে সৰ্বমুঠ ৩ খনকৈ মেচত মুখামুখি হোৱাৰ সম্ভাৱনাও আছে। 

এছিয়ান ক্ৰিকেট কাউন্সিলে এছিয়া কাপৰ বাবে মুঠ সময় নিৰ্ধাৰণ কৰিছে দুসপ্তাহ। এছিয়ান ক্ৰিকেট কাউন্সিলৰ শীৰ্ষতম মহলৰ সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ অনুসৰি ৫ ৰ পৰা ২১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা এইবাৰৰ এছিয়া কাপ।

ইয়াৰ বাবে সূচী প্ৰায় চূড়ান্ত হৈছে। কোৱা হৈছে অহা ৭ ছেপ্টেম্বৰত প্ৰতিযোগিতাখনত গ্ৰুপ পৰ্যায়ত ভাৰত আৰু পাকিস্তান প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব। ভাৰত আৰু পাকিস্তানৰ লগতে শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু ইউ এ ইয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। 

প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত এটাই, আনটোৰ সৈতে খেলিব। গ্ৰুপ পৰ্যায়ৰ মেচ অন্ত পৰাৰ পিছত হ’ব ছুপাৰ ফ’ৰৰ মেচসমূহ। ইয়াত ভাৰত আৰু পাকিস্তান পুনৰ এবাৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে। সেই মেচখন ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।

যদি দুয়োটা দলেই ফাইনেলত প্ৰৱেশ কৰে তেন্তে দল দুটাই একেলগে খেলিব লাগিব তৃতীয়খন মেচ। এই মেচখন অৰ্থাৎ ফাইনেলখন অনুষ্ঠিত হ’ব ২১ ছেপ্টেম্বৰত। ইতিমধ্যে সম্প্ৰচাৰৰ স্বত্ব লাভ কৰা চেনেলসমূহে এছিয়া কাপৰ প্ৰচাৰ আৰম্ভ কৰিছে। 

ইয়াৰ বাবে পোষ্টাৰো মুকলি কৰিছে। কেৱল সেয়াই নহয়,  এছিয়া কাপৰ পিছতে আছে পিছত মহিলা বিশ্বকাপ। এই বিশ্বকাপতো ভাৰত-পাকিস্তানৰ মেচ আছে। উল্লেখ্যে যে, এইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব। অৱশ্যে ২০২৭, ২০২৯ আৰু ২০৩১ চনত এই প্ৰতিযোগিতাখন ৫০ অভাৰৰ ফৰ্মেটত অনুষ্ঠিত হ’ব। 

এছিয়া কাপ ক্ৰিকেট টীম ইণ্ডিয়া