ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় পুৰুষ ক্ৰিকেট দলে কিছুদিন পূৰ্বে ডুৱাইত অনুষ্ঠিত এছিয়া কাপৰ পৰা শোচনীয় পৰাজয়বৰণ কৰি অনুৰাগীক নিৰাশ কৰিছিল। একাংশ প্ৰাক্তন ক্ৰিকেটাৰ, সমালোচকে সমালোচনাৰে থকা সৰকা কৰিছিল ভাৰতীয় ক্ৰিকেট দলটোক। সাৰি যোৱা নাছিল ৰোহিত শৰ্মা , বিৰাট কোহলিও।
ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ পৰাজয়ৰ গ্লানিৰ অৱসান ঘটাই দেশৰ মহিলা ক্ৰিকেট দলে দেশবাসীক উপহাৰ দিলে টী-২০ এছিয়া কাপ। শনিবাৰে বাংলাদেশত অনুষ্ঠিত এছিয়া কাপৰ ফাইনেল মেচত সনথ জয়সূৰ্য,মাহেলা জয়ৱৰ্ধনেৰ দেশ শ্ৰীলংকাক হৰুৱাই এছিয়া কাপ দখল কৰে হমৰপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে।
উল্লেখ্য যে, ফাইনেল মেচখনত টছত জয়ী হৈ শ্ৰীলংকাই বেট ধৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি শ্ৰীলংকাই প্ৰথম ইনিংছত নিৰ্ধাৰিত অভাৰত ৯টা উইকেটৰ বিনিময়ত ৬৫ ৰান কৰে।
শ্ৰীলংকাই ভাৰতক বিজয়ৰ বাবে ৬৬ ৰানৰ লক্ষ্য় বান্ধি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ ৮ অভাৰ ৩টা বলত ৭১ ৰান সংগ্ৰহ কৰি ৮ উইকেটত বিজয় লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ স্মৃতি মান্ধানাই অৰ্ধ শতক অৰ্জন কৰে । মান্ধানাই দললৈ অপৰাজিত ৫১ ৰানৰ বৰঙণি যোগায়।