এছিয়াডত স্বৰ্ণ জয় ভাৰতীয় পুৰুষ হকী দলৰ

এছিয়াডত স্বৰ্ণ জয় ভাৰতীয় পুৰুষ হকী দলৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ এছিয়াডৰ পৰা আন এক ভাল খবৰ আহিছে ভাৰতলৈ। এছিয়ান গেমছ ২০২৩ৰ পুৰুষ শাখাৰ হকী প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় পুৰুষ হকীৰ দলে। ফাইনেলত জাপানৰ দলক হৰুৱাই এই সফলতা লাভ ভাৰতীয় দলটোৰ।

উল্লেখ্য যে, ৫-০ গলৰ ব্যৱধানত জাপানক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় পুৰুষ হকীৰ দলটোৱে। এই সফলতা লাভৰ লগে লগে পেৰিছে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন দলটোৰ। আনহাতে এই পৰ্যন্ত ২১টা সোণ, ৩৩টা ৰূপ, ৩৯টা ব্ৰঞ্জসহ মুঠ ৯৩টা পদক লাভ কৰি এছিয়ান গেমছ ২০২৩ৰ চতুৰ্থ স্থানত আছে ভাৰত।

এছিয়াডত স্বৰ্ণ জয় ভাৰতীয় পুৰুষ হকী দলৰ
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিশে চৰাইদেউ মৈদাম ! শনিবাৰে উপস্থিত হ'ব ইউনেস্কৰ দল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in