নচলে এখনো গাড়ী! জানেনে, এই ঠাইৰ নাম কি?

নচলে এখনো গাড়ী! জানেনে, এই ঠাইৰ নাম কি?
Published on
Updated on

ডিজিটেল ডেস্কঃ এখন দেশৰ অৰ্থনৈতিক উন্নয়নত পৰ্যটনে গুৰুত্বপূৰ্ণ বৰঙণি যোগাব পাৰে৷ সেইবাবে বিভিন্ন দেশে পৰ্যটন ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে৷ বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত পৰ্যটনৰ ইমানেই বৃদ্ধি পাইছে যে ইয়াৰ লগে লগে বৃদ্ধি পাইছে ঠাইসমূহত প্ৰদূষণৰ মাত্ৰা। যাৰ ফলত পৰ্যটনস্থলীসমূহৰ প্ৰাকৃতিক পৰিৱেশতো প্ৰভাৱ পৰা দেখা গৈছে।

মানুহৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সকাহ পাবলৈ মাজে মাজে প্ৰদূষণমুক্ত হিল ষ্টেচন বা পৰ্যটনস্থলীলৈ যোৱাটো লাহে লাহে এক প্ৰয়োজনীয়তালৈ পৰিণত হৈছে। আজিকালি নিস্তব্ধ আৰু পৰিষ্কাৰ ঠাই বিচাৰি পোৱাটো কঠিন হৈ পৰিছে। আপুনি যদি এনেকুৱা ঠাই বিচাৰিছে তেন্তে যাব পাৰে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মাথেৰান পাহাৰীয়া অঞ্চললৈ।

মুম্বাইৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগত অৱস্থিত মাথেৰান। এছিয়াৰ একমাত্ৰ গাড়ীবিহীন পাহাৰীয়া ষ্টেচনটোৱে হৈছে মাথেৰান! উল্লেখযোগ্য যে মাথেৰানত কোনো যান-বাহনৰ অনুমতি নাই, যাৰ বাবে ই ভাৰতৰ অন্যতম পৰিৱেশ অনুকূল পৰ্যটনস্থলী।

২০০৩ চনত মাথেৰানক গাড়ীমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। এই ঠাইত উপস্থিত হোৱা এটাই উপায় হৈছে ট্ৰয় ট্ৰেইন। ট্ৰয় ট্ৰেইনৰ সহায়তেই এই পাহাৰীয়া অঞ্চললৈ পৰ্যটকৰ আগমণ ঘটে।

উল্লেখযোগ্য যে মাথেৰানত একমাত্ৰ পঞ্জীয়নভুক্ত গাড়ীখন হৈছে পৌৰসভাৰ দ্বাৰা পৰিচালিত এম্বুলেন্স। এই অঞ্চলত পৰ্যটনৰ আটাইতকৈ উত্তম উপায় হ’ল খোজকাঢ়ি, ঘোঁৰাত উঠি বা হাতেৰে টানি অনা ৰিক্সা। ভাৰতীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে মাথেৰানক স্বীকৃতি দিছে।

বৰ্তমান পৃথিৱীত কোনো বাহনৰ পঞ্জীয়ন নথকা এখন ঠাই কল্পনা কৰাটো কঠিন যদিও মাথেৰানত এই প্ৰথা বহুদিনৰ পৰা চলি আহিছে। মটৰ গাড়ী নিষিদ্ধ কৰি এই অঞ্চলৰ পৰিৱেশ খনন আৰু শিলৰ কুৱেৰী ​​উদ্যোগৰ পৰা সুৰক্ষিত কৰা হৈছিল।

তথ্য অনুসৰি ২০২২চনত মাথেৰানত উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক পৰিৱেশ অনুকূল কিছুমান ই-ৰিক্সাক পৰীক্ষামূলক ভিত্তিত প্ৰৱৰ্তনৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ অনুমতি প্ৰদান কৰিছে। উক্ত অঞ্চলটো পৰ্যবেক্ষণ কৰাৰ পিছত এই পদক্ষেপ লোৱা হৈছিল। তদুপৰি এই অঞ্চলটোত নতুন অট্টালিকা নিৰ্মাণৰ লগতে প্লাষ্টিক ব্যৱহাৰ আৰু গছ কটাত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। আনকি এই অঞ্চলটোৰ ৰাস্তাবোৰো পকী নহয় আৰু ৰঙা লেটাৰাইটৰ মাটিৰে নিৰ্মাণ কৰা হৈছে।

পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে, পৰ্যটকক আকৰ্ষণ আৰু সন্তুষ্টিৰ বাবে কেৱল পঞ্চ তাৰকাযুক্ত হোটেলৰ কথা ভাবিলেই নহ'ব। সকলো পর্যটকে যে পঞ্চ তাৰকাযুক্ত হোটেলৰ সা-সুবিধাহে বিচাৰে সেয়াও নহয়। অনেক পর্যটকে তাৰকাযুক্ত হোটেলমুখী নহৈ অৰণ্যত নিশা উদ্যাপন কৰিবলৈহে ভাল পায়।

কিছু পর্যটকে গ্রাম্য পৰ্যটনৰ সৌন্দৰ্য উপভোগ কৰি ভাল পোৱাই নহয়, গ্ৰাম্যাঞ্চলৰ লোকৰ স'তে কটাই তেনে গাঁৱৰ কৃষিকৰ্ম, শিক্ষা, সাংস্কৃতিক ঐতিহ্য আদি উপভোগ কৰিবলৈহে বিচাৰে। সেইসকল পৰ্যটকৰ বাবে মাথেৰান একমাত্ৰ উত্তম ঠাই।

নচলে এখনো গাড়ী! জানেনে, এই ঠাইৰ নাম কি?
ভাৰততে আছে বিশ্বৰ সকলোতকৈ ধনী মন্দিৰটো, পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in