ডিজিটেল ডেস্কঃ চলিত ৰঞ্জী ট্ৰফীত হায়দৰাবাদৰ বিৰুদ্ধে বেটে-বলে উজলি উঠিছে অসমৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। মেচখনৰ দ্বিতীয় ইনিংছত চাৰি নম্বৰ স্থানত বেটিং কৰিবলৈ যোৱা ৰিয়ানে হায়দৰাবাদৰ বিৰুদ্ধে মাত্ৰ ২৮ টা বলত ৬টা অভাৰ বাউণ্ডেৰী আৰু ৮টা বাউণ্ডেৰীৰে ৭৮ ৰান কৰে।
আনহাতে হাতত বল লৈ ৰিয়ানে ২০ অভাৰত ৬টা মেইডেনসহ মাত্ৰ ৪৮ ৰান খৰচ কৰি ৪টাকৈ উইকেট দখল কৰে। মেচখনত টছত জয়ী হৈ হায়দৰাবাদে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অসমে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত ২০৫ ৰান সংগ্ৰহ কৰে। মেচৰ দ্বিতীয় দিনা অসমে দ্বিতীয় ইনিংছত ৰিয়ান পৰাগৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ২৫২ ৰান সংগ্ৰহ কৰে।
হায়দৰাবাদে প্ৰথম ইনিংছত ৰোহিত ৰায়দুৰ অৰ্ধশতকৰ সহায়ত ২০৭ ৰান কৰে। ২৫২ ৰানত দ্বিতীয় ইনিংছ সামৰা অসমে হায়দৰাবাদক জয়ৰ বাবে ২৫১ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত তৃতীয় দিনা হায়দৰাবাদে জয়ৰ বাবে ২৫১ ৰানৰ লক্ষ্য সন্মুখত লৈ বিনা উইকেটত ১৩ ৰানত বেটিং কৰি আছে।
আৰু পঢ়কঃ গ্ৰন্থমেলাৰ বতৰত গ্ৰন্থপ্ৰেমীলৈ ২০ খন গ্ৰন্থ উপহাৰ অবাক প্ৰকাশনৰ