ৰহাত অসম গণ পৰিষদৰ দলীয় কৰ্মশালা

পঞ্চায়ত নিৰ্বাচনত যদি বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে অসম গণ পৰিষদেও অকলে প্ৰতিদ্বন্দ্বিতা কৰিব : জয় নাথ শৰ্মা

author-image
Asomiya Pratidin
New Update
ৰহাত অসম গণ পৰিষদৰ দলীয় কৰ্মশালা

ডিজিটেল সংবাদ, ৰহা : দেওবাৰে ৰহাত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ ৰহা বিধানসভা সমষ্টি সমিতিৰ দলীয় কৰ্মশালা। উক্ত কৰ্মশালাত আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে দলটোক অধিক শক্তিশালী কৰাৰ বাবে আলোচনা কৰে দলীয় কৰ্মকৰ্তাসকলে।

লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰহা সমষ্টিৰ আসন পুনৰ অগপৰ হাতত থাকিবৰ বাবে আগতীয়াকৈ আৰু অধিক সক্ৰিয়ভাৱে কাম কৰিব লাগিব বুলি মন্তব্য কৰে অসম গণ পৰিষদৰ নেতা তথা প্ৰাক্তন ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মাই। ইয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ৰহা সমষ্টিৰ আসন পুনৰ অসম গণ পৰিষদে দাবী কৰিব বুলি মন্তব্য কৰে।

জয়নাথ শৰ্মাই আৰু কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদি মিত্ৰ দল বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে অসম গণ পৰিষদেও অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু আছে। উক্ত সভাত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বিষ্ণু দাস, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অতুল মেধি, মহিলা পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অৰ্চনা ভূঞা, ৰহা সমষ্টিৰ তত্বাৱধায়ক নৃপা ফুকনকে আদি কেইবাজনো বিষয়ববীয়া আৰু কৰ্মকৰ্তা।

Also Read: কেতিয়াবা নিজকো কৰোচোন এনেবোৰ প্ৰশ্ন...

Asom Gana Parishad