তৈল নগৰী দুলীয়াজানৰ পৰা আৰম্ভ অসম গ্ৰন্থমেলা ২০২৪-২৫ বৰ্ষৰ যাত্ৰা...

তৈল নগৰী দুলীয়াজানৰ পৰা আৰম্ভ অসম গ্ৰন্থমেলা ২০২৪-২৫ বৰ্ষৰ যাত্ৰা...

author-image
Asomiya Pratidin
New Update
তৈল নগৰী দুলীয়াজানৰ পৰা আৰম্ভ অসম গ্ৰন্থমেলা ২০২৪-২৫ বৰ্ষৰ যাত্ৰা...

ডিজিটেল সংবাদ, দুলীয়াজানঃ এইবেলি তৈল নগৰী দুলীয়াজানৰ পৰাই আৰম্ভ হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলাৰ ২০২৪-২৫ বৰ্ষৰ যাত্ৰা ৷ আজি পৱিত্ৰ মৃত্যু তিথি উপলক্ষে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলিত কৰি ইয়াৰ বিহুতলীত সাতদিনীয়াকৈ আয়োজন কৰা অসম গ্ৰন্থমেলা, দুলীয়াজানৰ উদ্বোধনী সভা বিয়লিৰ ভাগত অনুষ্ঠিত কৰা হয় ৷

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ আদৰণী ভাষণেৰে আৰম্ভ হয় উদ্বোধনী সভাখন ৷ তেওঁ ভাষণ প্ৰসংগত কয়—“অসম গ্ৰন্থমেলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ গ্ৰন্থমেলা সম্প্ৰসাৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই গ্ৰন্থমেলালৈ পঢ়ুৱৈ সমাজৰ অভূতপূৰ্ব সঁহাৰিয়ে আমাক উদগনি যোগাইছে ৷ এইবাৰ দুলীয়াজানৰ পৰা অসম গ্ৰন্থমেলাৰ যাত্ৰা আৰম্ভ হৈছে ৷

লগতে তেওঁ কয়, গ্ৰন্থৰ প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি , ভাষা-সাহিত্যৰ চৰ্চা তথা বৌদ্ধিক পৰিৱেশ অধিক সুদৃঢ় কৰাৰ লক্ষ্য সন্মুখত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ আৰু শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ বিশেষ আগ্ৰহৰ বাবেই অসম গ্ৰন্থমেলা আয়োজিত হৈ আহিছে ৷ এইবেলি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে ৷ এই গ্ৰন্থমেলাৰ বাকৰিতো ধ্ৰুপদী ভাষাক বিষয় হিচাপে লৈ গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত কৰা হ’ব ৷ আশা প্ৰকাশ কৰিছোঁ অসম গ্ৰন্থমেলা, দুলীয়াজানৰ প্ৰতিটো অনুষ্ঠানে ৰাইজৰ ইতিবাচক সঁহাৰি লাভ কৰিব ৷ আশা কৰিছোঁ কিতাপ বিক্ৰীৰ সফলতাই লেখক-পাঠক-পঢ়ুৱৈ সকলো পক্ষকে উৎসাহ যোগাব ৷”

উদ্বোধনী সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই ৷ তেওঁ কয় যে অসম গ্ৰন্থমেলাৰ আয়োজন দুলীয়াজানৰ বাবে অতি শুভ সংবাদ ৷ দুলীয়াজান কেৱল উদ্যোগ প্ৰধান স্থান হিচাপেই যে খ্যাত এনে নহয়; দুলীয়াজান সাহিত্য-সংস্কৃতিৰ চৰ্চাৰ বাবেও সুখ্যাত ৷ এই ঐতিহাসিক অঞ্চলৰ বহু সু-সন্তানে ভাষা-সাহিত্যৰ চৰ্চা-গৱেষণা আৰু সংস্কৃতি সাধনাৰে অসমৰ সমাজ-জীৱনলৈ অনবদ্য বৰঙনি আগবঢ়াইছে ৷ অৰ্থাৎ দুলীয়াজানত কেৱল তেল-গেছেই উৎপাদন নহয়; দুলীয়াজান সাহিত্য-সংস্কৃতিৰো অন্যতম প্ৰাণকেন্দ্ৰ ৷ গতিকে ইয়াত গ্ৰন্থমেলা সাফল্যমণ্ডিত হ’বই ৷

আন এগৰাকী বিশিষ্ট অতিথি, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তড়েণ বড়োৱে কয়—“ গ্ৰন্থমেলাৰ উদ্দেশ্য হৈছে পঢ়ুৱৈ সমাজক সক্ৰীয় কৰি অধ্যয়ন সংস্কৃতি গঢ়ি তোলা ৷ কিন্তু এতিয়া বৈদ্যুতিন আৰু সামাজিক মাধ্যমে কিতাপৰ পৰা বহুলোকক আঁতৰাই আনিছে ৷ হয়, মোবাইলতো পঢ়িব পাৰি; কিন্তু গ্ৰন্থ এখন হাতত লৈ পঢ়াৰ আমেজ সুকীয়া ৷ গতিকে কিতাপ পঢ়াৰ অভ্যাস সকলোৱে গঢ়ি তোলক ৷ তেওঁ লগতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো বৃহত্তৰ অসমীয়া জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় ৷ অসমীয়া ভাষাৰ গ্ৰন্থ উদ্যোগৰ বাবেও এয়া শুভ সংবাদ ৷

অসম গ্ৰন্থমেলা, দুলীয়াজানত গ্ৰন্থ বিক্ৰী উৎসাহজনক হ’ব বুলি আশা প্ৰকাশ কৰে বড়োৱে ৷ সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসম গেছ কোম্পানীৰ জ্যেষ্ঠ বিষয়া ধীমান্ত বৰ্মন, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৌধুৰীকে আদি কৰি ভালেকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে ৷ উদ্বোধনী সভাৰ প্ৰাৰম্ভতে গুৰু বন্দনা পৰিৱেশন কৰি ভূয়সী প্ৰশংসিত হয় সাহিত্যৰথী জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটি দল ৷

উদ্বোধনী সভাৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতা উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী আদিত্য গোস্বামীয়ে ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, দুলীয়াজানত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰা অহা কুৰিটাৰো অধিক প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ৷ আজিৰে পৰা গ্ৰন্থমেলাৰ বাকৰিত উক্ত বিপনীসমূহত উপলব্ধ হৈছে বাছকবনীয়া গ্ৰন্থ সম্ভাৰ ৷

Also Read: ২০০ তকৈ অধিক কলেজ থকা ভাৰতৰ একমাত্ৰ চহৰখন কি জানেনে ?

assam book fair assam book fair 2024-25