অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনঃ তাৰা নৌইচান্তাৰৰ সৈতে অন্তৰংগ আলাপ...

অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনঃ তাৰা নৌইচান্তাৰৰ সৈতে অন্তৰংগ আলাপ...
অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনঃ তাৰা নৌইচান্তাৰৰ সৈতে অন্তৰংগ আলাপ...

ডিজিটেল ডেস্কঃ ২৯ ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা গুৱাহটীৰ চানমাৰি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা অসম গ্ৰন্থ মেলাৰ আজি দ্বিতীয় দিন। আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা ১১ বজাত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী অনুষ্ঠান, ১ বজাত আলোচনা সত্ৰ ।

আলোচনা সত্ৰৰ বিষয় আছিল 'গ্ৰন্থঃ এক বৌদ্ধিক সম্পদ, আনন্দ আৰু অন্বেষণ'। উৎপল দত্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা সত্ৰৰ আলোচক হিচাপে উপস্থিত থাকে ড০ অনন্যা হিলৈদাৰী, ধৃজ্যোতি কলিতা, দিব্যজ্যোতি শৰ্মা, সমীৰ শাণ্ডিল্য আৰু ড০ বিৰিঞ্চি কুমাৰ দাস।

আনহাতে বিয়লি ৩ বজাত ইণ্ডোনেছিয়াৰ প্ৰখ্যাত পৰিৱেশ্য কাব্য-শিল্পী তাৰা নৌইচান্তাৰাৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে এইবাৰ গ্ৰন্থমেলা উদ্বোধন কৰিবলৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি বিক্ৰেটা সংস্থাই আমন্ত্ৰণ জনাইছিল ইণ্ডোনেছিয়াৰ প্ৰখ্যাত পৰিৱেশ্য কাব্য-শিল্পী তাৰা নৌইচান্তাৰাক।

গ্ৰন্থমেলা উদ্বোধন কৰি তেওঁ কয়, অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ জৰিয়তে অসমৰ বৌদ্ধিক পৰিবেশ সুন্দৰ কৰিছে। অসমৰ মানুহৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ দেখি অভিভূত হৈছো।

অসমীয়া সাহিত্যৰ সৈতে ইণ্ডোনেছিয়াৰ সাহিত্যিক সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিম। গ্ৰন্থই সীমাৰ পৰিধি ভাঙি মানুহৰ চিন্তাক একত্ৰিত কৰে। চিন্তাৰ স্বাধীনতা থকা উদাৰ আৰু আস্থাৰ পৃথিৱীৰ সন্থান দিয়ে কিতাপে।

আনহাতে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তই অনুষ্ঠানত নিজৰ ভাষণত কয় যে, গ্ৰন্থৰ জনপ্ৰিয়তা ইণ্টাৰনেটৰ যুগতো কমা নাই। গ্ৰন্থৰ চিৰন্তন মূল্য কেতিয়াও কমি যাব নোৱাৰে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰা অসমীয়া ভাষা, কৃষ্টিৰ বিৱৰ্তনৰ মাজতে আছে সাহিত্যিক দিশ। আমি আন্ধাৰৰ পৰা পোহৰলৈ যাত্ৰা কৰো জ্ঞানৰ মাজেৰে। ভাৰতীয় কৃষ্টি-সংস্কৃতি জ্ঞানকেন্দ্ৰিক।

অনুষ্ঠানত প্ৰসিদ্ধ সমালোচক-সাহিত্যিক ড০ গোবিন্দ শৰ্মাই কিতাপ পঢ়া সহজ কিন্তু কিনি পঢ়া কঠিন বুলি মন্তব্য কৰে। তেওঁ এখন গ্ৰন্থ কিনি পঢ়াটো প্ৰেমৰ চিন বুলি উল্লেখ কৰে।

ভাষণত তেওঁ কয়, কিতাপ নপঢ়া জাতি থিয় হৈ থাকিব নোৱাৰে। প্ৰমাণ হৈছে যে অসমৰ মানুহে কিতাপ পঢ়ে। সেয়েহে অসমীয়া ভাষা, সাহিত্যৰ প্ৰতি শংকা প্ৰকাশ কৰিবলগীয়া নাই।

এই অনুষ্ঠানতে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ৩৮ খন গ্ৰন্থৰ ভিতৰত ১৫ খন গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে এই অনুষ্ঠানতে অসম প্ৰকাশন পৰিষদে ড০ প্ৰণৱজ্যোতি ডেকাক প্ৰদান কৰা হয় সাহিত্য বঁটা ২০২২।

এই বঁটাৰ সৈতে আছে ৫ লাখ টকা, প্ৰশিস্তি পত্ৰ, অংগবস্ত্ৰ,গ্ৰন্থৰ টোপোলা। আনহাতে 'ড০ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প' প্ৰকাশ কৰা 'বান্ধৱ প্ৰকাশ'ৰ স্বত্বাধিকাৰ ৰঞ্জন শৰ্মাক প্ৰদান কৰা হয় পৰিষদৰ সাহিত্য (প্ৰকাশক) বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in