ডিজিটেল ডেস্কঃ শুকুৰবাৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শেহতীয়াকৈ ৰাজ্য তথা দেশ জোকাঁৰি যোৱা বিয়াগোম ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ গোচৰ চি বি আইক অৰ্পন কৰাৰ সিদ্ধান্ত লোৱা হয় এইবাৰৰ কেবিনেটত।
ইতিমধ্যে অসম চৰকাৰৰ গৃহ বিভাগে অনলাইন ট্ৰেডিঙৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। প্ৰায় ৩২টা কেলেংকাৰীৰ তদন্ত অসম চৰকাৰে চি বি আইক অৰ্পন কৰাৰ যোজা কৰিছে। ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিবে চি বি আইৰ সৈতে যোগাযোগ কৰাৰ লগতে প্ৰাৰম্ভিক সকলোখিনি কথা-বতৰা সম্পন্ন কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে। এতিয়ালৈকে অসমত ট্ৰেডিঙৰ নামত সংঘটিত সকলোখিনি কেলেংকাৰীৰ তদন্ত চি বি আইক অৰ্পন কৰি এই অপৰাধ সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ বাবে এই সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। চি বি আইক অৰ্পন নকৰা পৰ্যন্ত এই সমগ্ৰ তদন্তটো অসম আৰক্ষীয়ে চলাই নিব বুলিও কয় ড০ শৰ্মাই।
ট্ৰেডিং কেলেংকাৰীৰ উপৰিও আজিৰ কেবিনেটত আন বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমগ্ৰ ৰাজ্যত সমষ্টিভিত্তিক অৰুণোদয় হিতাধিকাৰী বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব অসম চৰকাৰে। অহা ১৯ছেপ্তেম্বৰৰ পৰা অসমৰ ১২৬টা সমষ্টিত অনুষ্ঠিত হব সভা। এই সভাৰ জৰিয়তে প্ৰতিটো সমষ্টিত ১০হাজাৰকৈ হিতাধিকাৰী বৃদ্ধিৰ লক্ষ্য লৈছে অসম চৰকাৰে। সমগ্ৰ ৰাজ্যত ১২লাখ ৬০হাজাৰ অৰুণোদয় হিতাধিকাৰী বৃদ্ধি লোৱাৰ সিদ্ধান্তও আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে, আজিৰ কেবিনেটত ৰেচন কাৰ্ডক লৈও এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা ১৯ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ ১৭লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। ইফালে আত্মনিভৰৰ্শীল আচঁনিৰ অধীনত ২৫হাজাৰ ২৩৮গৰাকী হিতাধিকাৰীক অনুমোদন দিয়াৰ কথাও সদৰি কৰে তেওঁ। এই হিতাধিকাৰীসকলে পাব ২লাখকৈ টকা। ইয়াৰে ১লাখ টকা ৫বছৰৰ পিছত সুদবিহীনভাৱে ঘূৰাই দিব লাগিব চৰকাৰক।