কিমানৰ প্ৰাণ গ'লে বান সমস্যা নিৰ্মূল হ'ব?

কিমানৰ প্ৰাণ গ'লে বান সমস্যা নিৰ্মূল হ'ব?
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন জিলাত বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও ৰাজ্যৰ ১৮খন জিলাৰ প্ৰায় ৫লাখ ৯৭হাজাৰতকৈ অধিক লোক বানৰ কবলত। শেহতীয়া খবৰ অনুসৰি ৰাজ্যৰ দ্বিতীয়টো বানত মৃত্যু হৈছে ১০৯ জন লোকৰ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৫২টা ৰাজহ চক্ৰৰ ১৩৪২ খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈছে।

বৰ্তমানেও সাহাৰ্য্য শিবিৰত আছে ৫৫ হাজাৰৰো অধিক লোক। কাছাৰ, ধুবুৰী, নগাঁও, ধেমাজি, গোলাঘাট, তামুলপুৰ, চিৰাং, দৰং, গোৱালপাৰা, কৰিমগঞ্জ আদি জিলাৰ অন্তৰ্গত ১,৩০০ৰো অধিক গাঁও বানৰ কবলত পৰা ফলত ২৫,০০০ হেক্টৰতকৈও অধিক শস্য এলেকাৰ ক্ষতিসাধন হৈছে। অবিৰত বৰষুণৰ ফলত হোৱা বানত ৰাজ্যৰ ১০,৫০,০০০ ঘৰচীয়া পশুধন, হাঁহ-কুকুৰা মৃত্যুমুখত পৰা লগতে কেইবাটাও মথাউৰি,পথ আৰু দলং,অট্টালিকা আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলতো বানৰ ফলত ১০টা গঁড় আৰু ১৪৪টা হৰিণকে ধৰি প্ৰায় ১৭৪ টা বনৰীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বানৰ সময়ত দুটা গঁড়ৰ পোৱালিকে ধৰি ১৩৩টা জীৱ-জন্তু সফলতাৰে উদ্ধাৰ কৰাৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰ অন্তত ইতিমধ্যে ১১৬টা জীৱ-জন্তু মুকলি কৰি দিছে। ক্ষেত্ৰ পৰিচালক সোণালী ঘোষে সংবাদ মাধ্যমক অৱগত কৰে যে উদ্যানখনৰ ভিতৰৰ ২৩৩টাৰ ভিতৰৰ প্ৰায়বোৰ বন শিবিৰ বহু দিন ধৰি বাঢ়নি পানীৰ কবলত আছিল।

বিশ্বৰ সৰ্বাধিক এশিঙীয়া গঁড়ে বিচৰণ কৰা কাজিৰঙাক প্ৰতি বছৰে বানে বিস্তৰ ক্ষতি সাধন কৰে। মূল ৪৩০ বৰ্গ কিলোমিটাৰ অঞ্চল পানীত বুৰ যোৱাৰ লগে লগে জীৱ-জন্তুবোৰে উদ্যানখনৰ ভিতৰত থকা নিৰাপদ স্থানত আশ্ৰয় লয়। বহু বন্য জীৱ জন্তু ঘাইপথেৰে পাৰ হওঁতে দ্ৰুতবেগী বাহনৰ খুন্দাতো মৃত্যুমুখত পৰে। সেয়েহে উদ্যান কৰ্তৃপক্ষই চালকসকলক এনে অবাঞ্চিত ঘটনাৰ পৰা হাত সাৰিবলৈ নিৰাপদ গতি সীমা বজাই ৰাখিবলৈ নিৰ্দেশ দিছে।

হাতী, ম'হ, বাঘ আদিৰ লগতে ২৬০০ৰো অধিক এশিঙীয়া গঁড়ক আশ্ৰয় দিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰখন ২০১৭ চনত বৃহৎ বানৰ সন্মুখীন হৈছিল। সেই সময়ত ৩৫০টাতকৈও অধিক জীৱ-জন্তুৰ মৃত্যু হৈছিল।

শেহতীয়াকৈ তৃতীয়বাৰৰ বাবে জয়লাভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য চৰকাৰক বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ফোন কৰি কেন্দ্ৰৰ পৰা সম্ভৱপৰ সকলো সমৰ্থনৰ আশ্বস প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাই বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতিৰ মূল্যায়ন কৰি নতুন দিল্লী আৰু দিছপুৰৰ চৰকাৰে পুনৰাবৃত্তিমূলক বান সমস্যাৰ স্থায়ী সমাধান বিচাৰিব বুলি ৰাইজক আশ্বাস দিয়ে। লগতে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াইও কিছু বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে কেইবাখনো বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ভূমিৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু স্থানচ্যুত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে। লগতে ৰাজ্যৰ মন্ত্ৰী, বিধায়ক আৰু সংশ্লিষ্ট বিষয়াসকলক পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, বিমল বৰা, ৰানোজ পেগু, জয়ন্ত মল্লবৰুৱা, যোগেন মহন, অতুল বৰা, কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাস আদিয়ে ক্ষতিগ্ৰস্ত গাঁওসমূহ পৰিদৰ্শন কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে বিভিন্ন সামাজিক সংগঠনে বানপীড়িতসকলক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে বানপানীৰ পিছৰ ৰোগসমূহৰ সমাধানৰ বাবে ফেনাইল, ব্লিচিং পাউদাৰ, পশুধনৰ খাদ্য ইত্যাদি যোগান ধৰিছে।

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামতো অতিপাত বৰষুণ ফলত বানপানীৰ সৃষ্টি হয়। ধাৰাসাৰ বৰষুণে মণিপুৰৰ ইম্ফল, থৌবাল, নামবুল, ইৰিল আদি অঞ্চলসমূহৰ ফুলাই কৃষিযোগ্য ভূমি আৰু আৱাসিক অঞ্চলসমূহ বানৰ কবলত পৰিছে।

ইয়াৰোপৰি ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীসমূহৰ পানীয়ে চুবুৰীয়া বাংলাদেশৰ এক বৃহৎ অঞ্চল প্লাৱিত কৰাপ ফলত ৪০ হাজাৰ লোক সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। শেহতীয়াকৈ বাংলাদেশৰ বানপানীয়ে ১৭খন জিলা ক্ষতিগ্ৰস্ত কৰিছে। এতিয়ালৈকে ২০ লাখ লোকে বানপানীৰ সন্মুখীন হৈছে। জানিব পৰামতে দেশখনত বানত এই পৰ্যন্ত ১০জনে প্ৰাণ হেৰুৱাইছে।

ৰাজ্যত বানপানী প্ৰতিবছৰে সৃষ্টি হোৱা এক ডাঙৰ সমস্যা। সেয়েহে বানৰ প্ৰতিৰোধ আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘম্যাদী আৰু পৰিকল্পিত আঁচনিৰ প্ৰয়োজন। বানপানীৰ সমস্যা স্থায়ী সমাধানৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি অহাৰ পাছতো ইয়াৰ কোনো সমাধান নাই।বানপানীৰ আশংকা লাঘৱ কৰিব নোৱাৰিলেও সঠিক নীতিৰ দ্বাৰা ইয়াৰ বিধ্বংসী প্ৰভাৱ নূন্যতম কৰিব পৰা যায়। চৰকাৰে সাধাৰণ জনতাৰ বাবে কিছুমান ইতিবাচক ফলাফলৰ প্ৰতি লক্ষ্য কৰি বান অভিযোজনৰ ব্যৱস্থাসমূহ পুনৰ সংজ্ঞায়িত কৰাৰ সময় আহি পৰিছে৷

কিমানৰ প্ৰাণ গ'লে বান সমস্যা নিৰ্মূল হ'ব?
নদুৱাৰ শাখাৰ সহযোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in