বলিয়া বানে এতিয়ালৈকে নিলে ৭২জনৰ প্ৰাণঃ এতিয়াও ১৮লাখ মানুহ পানীত তলত...

বলিয়া বানে এতিয়ালৈকে নিলে ৭২জনৰ প্ৰাণঃ এতিয়াও ১৮লাখ মানুহ পানীত তলত...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমত বানপানীৰ ত্ৰাস যোৱা কেইদিনমানতকৈ কমিছে যদিও এতিয়াও ৰাজ্যৰ ২৭খন জিলাৰ ১৮লাখ ৮০হাজাৰ ৭৪৩গৰাকী পানীত তলতেই জীৱন নিৰ্বাহ কৰি আছে।  ৮জুলাই, ২০২৪তাৰিখে দুৰ্যোগ প্ৰশমন বিভাগে সদৰি কৰা তথ্য অনুসৰি, বৰ্তমান অসমৰ ৯১টা ৰাজহচক্ৰ আৰু ৩হাজাৰ ১৫৪খন গাওঁ বানপানীৰ কৱলত আছে।

বানপানীৰ কবলত থকা ২৭খন জিলাত ৫৪৩টা ৰিলিফ কেম্প স্থাপন কৰিছে চৰকাৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে বানত ৭২গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ইফালে ৮জুলাইৰ দিনটোত ৰাজ্যত ২৭টাকৈ ঘৰ বানপানীয়ে ভাঙি পেলোৱা বুলি তথ্য সদৰি কৰিছে বিভাগে।

বৰ্তমান বানপানীত সৰ্বাধিক আক্ৰান্ত হোৱা জিলাকেইখন হৈছে- বৰপেটাত ১লাখ ৩৫হাজাৰ ৯১৮গৰাকী, ধুবুৰীত ৪লাখ ৭২হাজাৰ ৮৪৮গৰাকী, গোলাঘাটত ১লাখ ১২হাজাৰ, ৩২২গৰাকী, নগাঁৱত ৭৪হাজাৰ ৮৫৮গৰাকী, দক্ষিণ শালমাৰাত ১লাখ ৭৫৩গৰাকী, দৰঙত ৯৩হাজাৰ ২৪৯গৰাকী লোক বানপানীৰ কবলত বৰ্তমানেও আছে।

ইফালে ৰাজ্যৰ ভিতৰতে চৰকাৰে সৰ্বাধিক ৰিলিফ কেম্পৰ ব্যৱস্থা কৰিছে নগাঁৱত। নগাঁৱত প্ৰায় ১০৫টা ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বিপৰীতে ধুবুৰীত ৩০টা,  ডিব্ৰুগড়ত ৪৬টা, কৰিমগঞ্জত ৪২টা, শিৱসাগৰত ৪৬টা, কাছাৰত ৬৩টা, বৰপেটাত ১২টা ৰিলিফ কেম্পৰ ব্যৱস্থা কৰা হৈছে।

এইবাৰৰ বানত সৰ্বাধিক পশুধনৰ আক্ৰান্ত হৈছে ধুবুৰীত। জিলাখনত ৩লাখ ৪২হাজাৰ৪৪৭টা পশুধন বৰ্তমানেও পানীৰ কবলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in