অসম কন্যাৰ সফলতা, লাভ কৰিলে আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ বঁটা...

অসম কন্যাৰ সফলতা, লাভ কৰিলে আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ বঁটা...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম কন্যা তথা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে গৱেষণাৰ বাবে UNESCOৰ পৰা লাভ কৰিছে বিশেষ বঁটা। যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে ২০২৪ বৰ্ষৰ ইউনেস্কোৰ মেন এণ্ড বায়ডাইভাৰছিটি য়ং চাইন্টিষ্ট বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

প্ৰণিধাণযোগ্য যে ভাৰতবৰ্ষৰ পৰা একমাত্ৰ অসমৰ বৃন্দা কাশ্যপে তেওঁৰ গৱেষণাৰ বাবে এই বঁটা লাভ কৰিছে। বৃন্দা কাশ্যপ এই সন্মান লাভ কৰা এছিয়া মহাদেশৰ দ্বিতীয়গৰাকী যুৱ বিজ্ঞানী। উল্লেখনীয় বিশ্বৰ ১১খন দেশৰ ১৫গৰাকী যুৱ বিজ্ঞানীৰ তালিকাত অসমৰ বৃন্দা কাশ্যপে এই বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে ১৯৮৯ চনত প্ৰৱৰ্তন কৰা ইউনেস্কোৰ এই বঁটাত জৈৱ বৈচিত্র, প্রাকৃতিক সম্পদ আৰু পৰিবেশ তন্ত্র বিষয়ত গৱেষণা কৰি থকা যুৱ বিজ্ঞানীসকলক উৎসাহিত কৰাৰ বাবে ৫ হাজাৰ ইউ এছ ডলাৰৰ গৱেষণা সাহায্য আগবঢ়োৱা হয়।

বৃন্দা কাশ্যপে মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় সংৰক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে প্ৰকল্পটোত গৱেষণা কৰিব। বৃন্দা কাশ্যপ অসমৰ গুৱাহাটীৰ বাসিন্দা। জ্যেষ্ঠ সাংবাদিক বিজয় শংকৰ বৰা আৰু মৌচুমী শইকীয়া বৰাৰ কন্যা বৃন্দা কাশ্যপ।

দেশৰ ভিতৰত একমাত্র যুৱ বিজ্ঞানী হিচাপে এই সম্মান লাভ কৰিবলৈ সমর্থ হোৱা বৃন্দা কাশ্যপক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে যুৱ বিজ্ঞানীগৰাকীৰ সফল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

অসম কন্যাৰ সফলতা, লাভ কৰিলে আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ বঁটা...
ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in