ডিজিটেল ডেস্ক: অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সচিব পুলক পাটগিৰিৰ পৰিচালনাৰ এখন আলোচনা চক্ৰৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনবোৰ আৰু Resource person সকলৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱ মৰ্মে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক ৰুকমা গোহাঁই বৰুৱাৰ নিৰ্দেশ মৰ্মে অহা ২০২৩ বৰ্ষৰ পৰা বড়ো ভাষাক উচ্চতৰ মাধ্যমিকত মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বৰ্তমান অসমত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত ইংৰাজী, অসমীয়া আৰু বেংগলী তিনিটা ভাষাত অধ্যয়নৰ কৰিবলৈ সুবিধা আছে। অহা ২০২৩ বৰ্ষৰ পৰা বড়ো ভাষাত অধ্যয়ন কৰিব পৰাৰ পিছত ৰাজ্যখনত চাৰিটা ভাষাত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰ কৰিব পৰা সুবিধা হ'ব ।
উক্ত আলোচনা চক্ৰত কেন্দ্ৰীয় এবছুৰ সভাপতি দ্বিপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বড়ো থুনলাই আফাদৰ সভাপতি তৰেন বড়ো, সাধাৰণ সম্পাদক প্ৰশান্ত বড়ো, Assam Board of Secondary সচিব বিনয় কুমাৰ নাৰ্জাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ শিক্ষক ড০ সৰ্ণ প্ৰভা চৈনাৰী, বড়ো থুনলাই আফাদৰ বড়ো পাব্লিকেছনৰ আহ্বায়ক কামেশ্বৰ বড়ো, নিখিল বড়ো মহিলা কল্যান পৰিষদৰ সভানেত্ৰী দিপালী নাৰ্জাৰী, সম্পাদিকা মঞ্জুৰী বড়ো, বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰী, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড০ মায়াৰাম বসুমতাৰী, বৰ' বাজাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অৰুন মোছাহাৰী আৰু পানেৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰিয়ংকা বড়ো সকলৰ লগতে কেন্দ্ৰীয় এবছুৰ সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্ম, জনসংযোগ সম্পাদক সৰোঞ্জীত নাৰ্জিনাৰী, অবিত নাৰ্জাৰী, সহকাৰী শিক্ষা সম্পাদক ৰমিও বসুমতাৰী, ক্ৰীড়া সম্পাদক গনেশ বসুমতাৰী আৰু দিল্লী শাখা এবছুৰ কাৰ্যকৰী উৰ্খাও বড়ো সকলে অংশ গ্ৰহণ কৰে।
আৰু পঢ়ক: ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত বিস্ফোৰক তথ্য, মানকাচৰৰ মুছলিম বিবাহৰ ৪৪.৫ শতাংশই বাল্য বিবাহ