কোচৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ

কোচৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ
Published on
Updated on

ডিজিটেল ডেস্কঃ কোচৰাজবংশী উন্নয়ন পৰিষত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।এই অভিযোগ পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱৰ বিৰুদ্ধে উত্থাপন হৈছে। অভিযোগ পৰিষদৰ উপাধ্যক্ষ হেমকান্ত ডেকাৰ৷

আমিনগাঁওস্থিত কাৰ্যালয়ত কেৱল চুন তেল দি ৪২ লাখ টকা সৰকোৱা বুলি অভিযোগ কৰে হেমকান্ত ডেকাই। লগতে চৰকাৰে কোটি কোটি টকা মোকলাই দিয়াৰ পিছটো বিভাগীয় মন্ত্রী পীযুষ হাজৰীকা থকাৰ স্বত্বেও আজি অসমত কোচৰাজবংশীৰ দৰে এক বৃহৎ জনগোষ্ঠী উন্নয়নৰ পৰা বঞ্চিত হৈ থকাৰ বুলিও অভিযোগ কৰে হেমকান্ত ডেকাই।

ইয়াৰোপৰি তেওঁ কয় যে, পৰিষদ উন্নয়নৰ বাবে চৰকাৰে ২০২১- ২২ বৰ্ষৰ পৰা পৰিষদলৈ ধন প্ৰদান কৰিছিল ৷ ২০২২-২৩ বৰ্ষৰ বাবে দিছিল ২৫ কোটি, ২০২৩-২৪ বৰ্ষৰ বাবে দিছিল ২৬ কোটি ৮০ লাখ টকা। কিন্তু কোনো সভা সমিতি সম্বোধন নকৰাকৈ অধ্যক্ষ প্ৰনৱ নাৰায়ণে পৰিষদ উন্নয়নৰ ধন মইমতালিৰে খৰচ কৰে।

অভিযোগ মতে, পৰিষদৰ সদস্যক নিজ নিজ এলেকা উন্নয়নৰ বাবে ধনৰ কোনো অংশ দিয়া হোৱা নাই ৷ আনকি আমিনগাঁওস্থিত কাৰ্যালয় উন্নয়নৰ নামত কেৱল চুন তেল লগাই ৪২ লাখ টকা নিজে খৰচ কৰে৷

উল্লেখ্য যে, সমগ্ৰ ঘটনাৰ বিৰোধিতা কৰা বাবে উপাধ্যক্ষ হেমকান্ত ডেকাক বিভিন্ন কাৰণ দৰ্শাই পৰিষদৰ কাম-কাজৰ পৰা আঁতৰাই ৰখাৰো অভিযোগ উত্থাপন হৈছে অধ্যক্ষৰ বিৰুদ্ধে৷

কোচৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনৱ নাৰায়ণ দেৱৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ
ধৰ্মেন্দ্ৰ প্ৰধানৰ সংবাদমেলঃ NEET বিসংগতিৰ দায়িত্ব স্বীকাৰ শিক্ষামন্ত্ৰীগৰাকীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in