ডিজিটেল সংবাদ, মানকাচৰঃ নাবালিকা কিশোৰীক বিয়াৰ প্ৰলোভন দি অপহৰণ কৰাৰ অভিযোগত চৰকাৰী বিদ্যালয়ৰ এজন প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য মানকাচৰৰ সুখচৰ থানা এলেকাৰ ১৫৫৪ নং সৰদাৰপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক ৰাফেদ আলী আহমদক মঙলবাৰে সুখচৰ আৰক্ষীয়ে নাবালিকাক অপহৰণ কৰি আৱদ্ধ কৰি ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
শিক্ষক গকৰাকী হাটশিঙিমাৰীৰ এগৰাকী কিশোৰীক বিয়াৰ প্ৰলোভনেৰে পলুৱাই নি কেইমাহমান ধৰি আৱদ্ধ কৰি ৰাখিছিল বুলি অভিযোগ উত্থাপন কৰি কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে সুখচৰ আৰক্ষী থানাত গোচৰ ৰজু কৰিছে ৷ এজাহাৰৰ ভিত্তিত কালি সুখচৰ আৰক্ষীয়ে লম্পট শিক্ষক ৰাফেদ আলী আহমদক আটক কৰি সোধ পোছৰ অন্তত বুধবাৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ৷
দুগৰাকীকৈ পত্নী থকাৰ পিছতো লম্পট শিক্ষক গৰাকীৰ এনে কাণ্ডৰ পিছত শিক্ষক গৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন ৰাইজ ৷ লম্পট শিক্ষক গৰাকীৰ উপযুক্ত শাস্তিৰ দাবী জনায় স্থানীয় ৰাইজে।