ৰাজ্যৰ আৰক্ষী-প্রশাসনত ব্যাপক সাল-সলনি

ৰাজ্যৰ আৰক্ষী-প্রশাসনত ব্যাপক সাল-সলনি
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম আৰক্ষীত বিশেষ ৰদ-বদল। উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি কোকৰাঝাৰৰ(BTAD) আই জি পি সত্যৰাজ হাজৰিকাক তিনিচুকীয়ালৈ বদলি কৰা বুলি জানিব পৰা গৈছে। লগতে তিনিচুকীয়াৰ(NER) আই জি পি হিচাপে নিযুক্তি দিয়া হৈছে সত্যৰাজ হাজৰিকাক।বিবেক ৰাজ সিঙক কোকৰাঝাৰৰ আই জি পি হিচাপে দায়িত্ব প্রদান। ইফালে সুশান্ত বিশ্ব শৰ্মাক বৰপেটাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে।

বৰপেটাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱক ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনৰ দায়িত্ব প্ৰদান কৰে কৰ্তৃপক্ষই।আনহাতে চিআইডি ৰ ডি আই জি পি ইন্দ্রানী বৰুৱাক চি ডাব্লিউ আৰ লৈ বদলি কৰা হৈছে।লগতে বিশেষ শাখাৰ আৰক্ষী অধীক্ষকৰ পদলৈ লখিমপুৰৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক বদলি কৰে। উল্লেখ্য যে, মিহিৰজিৎ গায়নক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ৰাজ্যৰ আৰক্ষী-প্রশাসনত ব্যাপক সাল-সলনি
সদৌ অসম মইনা পাৰিজাতৰ হীৰক জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in