ডিজিটেল ডেস্ক : ৰাজ্যৰ বৰ্তমান পৰিৱেশ, পৰিস্থিতিৰ কথা সকলোৱে জ্ঞাত। ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনাই জোকাৰি গৈছে ৰাজ্য। সেয়া লাগিলে ডাবল মাৰ্ডাৰ বন্দনাৰ ঘটনাই হওঁক, শিশু নিৰ্যাতনৰ চিকিৎসক দম্পত্তিৰ কথাই হওঁক বা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই হওঁক। আৰু শেহতীয়াকৈ দেখা গ'ল গোৱালপাৰাত বিজেপি কৰ্মীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনা।
এনেবোৰ খবৰে ৰাজ্যৰ আইন শৃংখলা, প্ৰশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। চৰকাৰৰ ওপৰত আস্থা হেৰুৱাৰ উপক্ৰম হৈছে সাধাৰণ ৰাইজৰ। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ ব্যৰ্থ হোৱা বুলিও বহুজনে মত প্ৰকাশ কৰিছে। পিছে এই খিনিতে গা কৰি উঠিছে অন্য এটা প্ৰশ্নই। প্ৰশ্নটো চৰকাৰলৈ। শাসকীয় পক্ষৰ মানুহকেই গুৰুত্ব দিয়ে নেকি চৰকাৰে ? অতি শেহতীয়া ভাবে গোৱালপাৰাত বিজেপি কৰ্মীক হত্যা কৰা ঘটনাৰ পাছত উত্থাপন হৈছে এই প্ৰশ্ন।
কিয়নো বিগত ১৬ মে' ২০২৩ত নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু। যি ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। আৰক্ষী বিষয়া গৰাকীৰ মৃত্যুত বহু প্ৰশ্নই গা কৰি উঠাৰ পাছতো চৰকাৰী পক্ষই লোৱা নাছিল জোনমণি পৰিয়ালৰ খবৰ। তদুপৰি বৰ্তমানেও অব্যাহত থকা তদন্তত পোহৰলৈ অহা নাই ঘটনাৰ প্ৰকৃত কাৰণ। ইপিনে ১২ জুন ২০২৩ত সংঘটিত হোৱা বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰভাবে তদন্ত কৰি এজন লোকক আটক কৰে। ঘটনাৰ প্ৰকৃত ৰহস্যও উদঘাটন কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
এক অপৰাধজনিত ঘটনাৰ উচিত তদন্ত কৰি ৰহস্য উদঘাটন কৰিব পৰাটো নিশ্চয়কৈ আৰক্ষীৰ সফলতা। পিছে আৰক্ষীয়ে সকলো অপৰাধজনিত ঘটনাক অপৰাধ হিচাপে গণ্য নকৰে নেকি ? শাসকীয় পক্ষৰ কথা মতেহে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে নেকি আৰক্ষী প্ৰশাসনে। জোনালী নাথ শাসকীয় পক্ষৰ নেত্ৰী হোৱাৰ বাবেই ঘটনাৰ ক্ষীপ্ৰ তদন্ত হ'ল নেকি ? উক্ত ঘটনাৰ পৰা এই প্ৰশ্নই এতিয়া গা কৰি উঠিছে। জোনমণি ৰাভাৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিব পাৰিবনে চৰকাৰে ?
আকৌ জোনমণি ৰাভাৰ ঘটনাৰে জড়িত অপৰাধী গাড়ী চালক সুমিত কুমাৰক জামিন প্ৰদান কৰি মুকলি আকাশৰ তলত এৰি দিয়াতো বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি তথা একঘেয়ামী চিন্তাৰ কথাকেই প্ৰমাণ কৰে। কিয়নো ৮ জুন ২০২৩ত মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিদ্যালয়লৈ গৈ থাকোতেই দুৰ্ভাগ্যবশত জাইকাই পানীৰ প্ৰকল্পৰ বাবে খান্দি থোৱা গাঁতত খুন্দা খাই বাছৰ তলত সোমাই মৃত্যু হয় এগৰাকী কিশোৰীৰ।
ঘটনাৰ বাবে স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীয়ে দোষাৰোপ কৰিছিল বাছখনৰ চালকক। পিছে চিচিটিভি ফুটেজত পোহৰলৈ অহা দৃশ্যত দেখিবলৈ পোৱা যায় যে, বাছৰ চালক বিপুল ৰাভা সম্পূৰ্ণ নিৰ্দোষী। নিৰ্দোষীৰ পাছতো বাছখনৰ চালকক গ্ৰেপ্তাৰ কৰি জে'লত প্ৰেৰণ কৰে আৰক্ষীয়ে। এজন অপৰাধীক মুকলি আকাশৰ তলত এৰি দি এজন নিৰ্দোষীক জে'ললৈত প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাত প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ ৰাইজে।
এনেবোৰ কথা-কাণ্ডত এক ডাঙৰ প্ৰশ্নৰ সন্মুখীন হৈছে শাসকীয় পক্ষ। চৰকাৰী পক্ষৰ হাতৰ মুঠিতেই প্ৰশাসন উঠা-বহা কৰে বুলি সাধাৰণ ৰাইজৰ মত। আইন যে শাসকীয় পক্ষত তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। মুঠৰ ওপৰত চৰকাৰৰ এক পক্ষ শাসনত মুঠেই সন্তুষ্ট নহয় সৰ্বসাধাৰণ।
Also Read: বিপদে লগ এৰা নাই মহানগৰীক: এইবাৰ মালিগাঁও উৰণীয়া সেঁতুত অঘটন...