অসম ৰাইফলছৰ অভিযানত নাগালেণ্ডত ৭.৯৬ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ: আটক ৩

অসম ৰাইফলছৰ অভিযানত নাগালেণ্ডত ৭.৯৬ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ: আটক ৩
Published on
Updated on

ডিজিটেল সংবাদ,শিলচৰ: ড্ৰাগছৰ‌ বিৰুদ্ধে অভিযান চলাই নাগালেণ্ডত‌ বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে অসম ৰাইফলছে।‌গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নাগালেণ্ডৰ নুইলেণ্ড-ডিমাপুৰ পথৰ চাৰি মাইলত এখন বাহনত তালাচী চলাই অসম ৰাইফলছে ৭.৯৬ কোটি টকাৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে। বাহন খনৰ‌ গোপন চেম্বাৰৰ পৰা ড্ৰাগছ ভৰ্তি ৮১টা চাবোনৰ বাকচ উদ্ধাৰ কৰে অসম ৰাইফলছে।

চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ১কেজি ৩৪ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৭.৯৪ কোটি টকা। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত অসম ৰাঈফলছে ৩জন ব্যক্তিক আটক কৰে। লোক কেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গুলী আৰু কিছু মেগজিন জব্দ‌ কৰা হয়।‌পিচত হেৰ'ইন সহ জব্দ কৰা মাৰণাস্ত্ৰ আৰু গুলী সমূহ নাগালেণ্ড আৰক্ষীক গতাই দিয়া হয়।

অসম ৰাইফলছৰ অভিযানত নাগালেণ্ডত ৭.৯৬ কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ: আটক ৩
কোকৰাঝাৰত ডুৰাণ্ড কাপৰ ট্ৰফী উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in