চিৰাঙৰ বেংতল মহাবিদ্যালয়ত অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশন...

চিৰাঙৰ বেংতল মহাবিদ্যালয়ত অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশন...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতল মহাবিদ্যালয়ত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ'ব। শুকুৰবাৰে ৰাজ্যিক অধিৱেশনৰ প্ৰাকমুহূৰ্তত কাজলগাঁও স্থিত চিৰাং জিলা প্ৰেছ ক্লাবত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ পৰা এক সংবাদ মেলৰ আয়োজন কৰে।

অভ্যৰ্থনা সমিতিৰ সভাপতি শ্যামল ব্ৰহ্মৰ উপস্থিতিত সংবাদ মেল সম্বোধন কৰি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ডঃ বিনীতা ভাগৱতীয়ে কয় যে ভাৰতবৰ্ষৰ আন্তৰ্জাতিক সীমান্তক সুৰক্ষিত কৰাৰ মহৎ লক্ষ্যৰে গঠিত হোৱা সীমা জাগৰণ মঞ্চৰ ছত্ৰছায়াত ২০০৮ চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলত কৰ্মৰত হৈ অহা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কাৰ্য্যকৰ্তা সকলক একত্ৰিত কৰি প্ৰতিবছৰে অসম বাংলাদেশ সীমান্তৱৰ্তী জিলা আৰু ভূটান সীমান্তৱৰ্তী জিলাত ৰাজ্যিক অধিৱেশন অনুষ্ঠিত কৰি অহা হৈছে । কাইলৈ অৰ্থ্যাৎ ২৭ আৰু ২৮ জুলাই তাৰিখে এই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতল মহাবিদ্যালয়ত অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব।

উক্ত অধিৱেশনত ৰাজ্যিক সমিতি, জিলা/মহানগৰ, সীমান্ত সহায়ক নগৰ সমিতিৰ সকলো কাৰ্য্যকৰ্তাৰ উপৰি ৰাজ্যিক সমিতিৰ দ্বাৰা বিশেষ ভাবে আমন্ত্ৰিত কাৰ্যকৰ্তা সকল উপস্থিত থাকিব বুলি সদৰি কৰে। শনিবাৰেপুৱা ৯ বজাত প্ৰতিনিধি পঞ্জীয়ন আৰু পতাকা উত্তোলনৰ মাজেৰে অধিবেশনৰ শুভাৰম্ভ কৰা হব। শনিবাৰে ১০বজাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসমৰ মহামহীম ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া লগতে বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্য্যকৰী সদস্য উল্লাস কুলকাৰ্ণী, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক মুৰলীধৰ জী, সহ সংযোজক শ্ৰীৰাম কুমাৰ আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভাপতি ডঃ প্ৰতিমা নিয়োগী।

তদুপৰি ২৮ জুলাইৰ সমাপন অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী সহ সংগঠনৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সকল। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৩৫০গৰাকী প্ৰতিনিধি তথা কাৰ্যকৰ্তাৰ উপস্থিতিত বেংতল মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ৰাজ্যিক অধিৱেশনত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি শ্যামল ব্ৰহ্মই। ইপিনে শনিবাৰৰ পৰা সীমান্ত চেতনা মঞ্চ ৰাজ্যিক অধিবেশনক কেন্দ্ৰ কৰি জিলা প্ৰশাসনৰ পৰা বেংতল এলেকাত সুৰক্ষা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে ।

চিৰাঙৰ বেংতল মহাবিদ্যালয়ত অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশন...
নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in