অৰুণাচলত পুতি থোৱা অৱস্থাত অসমৰ ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ...

অৰুণাচলত পুতি থোৱা অৱস্থাত  অসমৰ ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসমৰ ট্ৰাক চালকক অৰুনাচলত হত্যা কৰাৰ এক ঘটনাই চেপা উত্তেজনাই বিৰাজ কৰিছে অসম অৰুনাচল সীমান্তৰ মাদুৰিপথাৰ অঞ্চলত। যোৱা ২২ আগষ্টত মাদুৰিপথাৰৰ আলিকাশ গাওঁৰ ট্ৰাক চালক সঞ্জয় নাথে(২৫) AS18C/4741 ই'টাভৰ্তী ট্ৰাক লৈ অৰুনাচলৰ আপাৰ সোৱণশিৰিৰ জিলাৰ গেলিমলৈ গৈ থকা অৱস্থাত ডা'পৰিজু দলঙ পোৱা মাত্ৰকে এখন বগা ৰঙৰ বলে'ৰ বাহনত অহা ৪ জনীয়া দুৰ্বৃত্তৰ দলে বলপূৰ্বকভাৱে সঞ্জয় নাথক মাৰপিট কৰি অপহৰণ কৰি গাড়ীত উঠাই লৈ যায়।

ঘটনাৰ খৱৰ লাভ কৰাত স্থানীয় দল সংগঠনৰ লগতে ট্ৰাক চালক সন্থাৰ তৎপৰতাত পৰিয়ালৰ লোকে লিকাবালি থানাত গোচৰ দাখিল কৰাৰ ভিত্তিত দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে চলোৱা তদন্তত মহিলাসহ চাৰিগৰাকী অভিযুক্তক আটক কৰাত চালক সঞ্জয় নাথক হত্যা কৰি পুতি থোৱাৰ কথা স্বীকাৰোক্তিৰ পাছতে সোৱণশিৰি নৈৰ বালিচৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় চালকজনৰ মৃতদেহ। মৰনোত্তোৰ পৰীক্ষাৰ অন্তত ৰাতি স্বগৃহত মৃতদেহ উপস্থিত হোৱাৰ পাছতেই সৃষ্টি হয় এক শোকাকুল পৰিবেশ।

স্থানীয় শ্মাশনত সম্পন্ন কৰা হয় শেষকৃত্য। ইফালে চুবুৰীয়া ৰাজ্যখনত বাৰে বাৰে অসমৰ পৰা যোৱা ট্ৰাক চালক এনেধৰণৰ অপহৰণেৰে হত্যা কৰা ঘটনাক গৰিহণা জনায় স্থানীয় দল সংগঠনে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সঞ্জয় নাথৰ পৰিয়াল অসম-অৰুনাচল চৰকাৰৰ তৰফৰ পৰা এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়।

লগতে ঘটনাৰ মুল মাষ্টৰমাইণ্ড ডা'পৰিজু পাকুম কলনীৰ টাবু ডনিয়ে ইতিমধ্যেই আত্মসমৰ্পণ কৰিছে। দোষীক কঠোৰ শাস্তিৰ বিহাৰ লগতে আইনী সুৰুঙাৰ মাজেৰে যাতে দোষী বাচি নেযায় তাৰ বাবেও অৰুনাচল চৰকাৰক আহ্বান জনায় দল সংগঠনে । অন্যথা অৰুনাচল চৰকাৰৰ বিৰুদ্ধে সীমান্তত তীব্ৰ গণতান্ত্ৰিক অৰ্থনৈতিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।

অৰুণাচলত পুতি থোৱা অৱস্থাত  অসমৰ ট্ৰাক চালকৰ মৃতদেহ উদ্ধাৰ...
স্বাধীকাৰ বিচাৰি বন্দী চুতীয়া যুৱ সন্মিলনৰ নেতা কৌস্তভ কিশোৰ চুতীয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in