ডিজিটেল সংবাদ, বেবেজীয়া: পুনৰ বহি ৰাজ্যত অসমৰ শ্ৰমিক নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে। যোৱা শুকুৰবাৰে নিশা প্ৰায় ১বজাত চেন্নাইৰ পৰা কেৰেলা লৈ যোৱাৰ পথত তিৰু নামৰ ৰে'ল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় মৈৰাবাৰীৰ আহাম্মদ আলী আৰু ফৰিদা খাতুন নামৰ দম্পত্তীহাল।
যদি কোনো সদাশয় ব্যক্তিয়ে তেওঁলোকক দেখা পাই তেন্তে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে। পৰিয়ালৰ যোগাযোগ নম্বৰ 9101573415 আৰু 9080204736 । উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত ইতিমধ্যে কেৰেলা আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে পৰিয়ালৰ লোকে।
Also Read: মঙলবাৰে গ্ৰেপ্তাৰ হ'ব পাৰে পুটিন...