আমেৰিকাৰ ৰোষত অসমৰ এজন বিজ্ঞানী...

আমেৰিকাৰ ৰোষত অসমৰ এজন বিজ্ঞানী...

author-image
Asomiya Pratidin
New Update
আমেৰিকাৰ ৰোষত অসমৰ এজন বিজ্ঞানী...

বিভিন্ন সময়ত জলবায়ু পৰিৱৰ্তনক লৈ আলোচনা হয়। সৌ সেইদিনা সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা 'দ্য কনক্লেভ-২০২৪'ত এখন আলোচনা সত্ৰত আলোচনা হৈছিল বায়ুমণ্ডলত সমস্যা হৈ পৰা কাৰ্বন ডাই অক্সাইড, কাৰ্বন ক্ৰেডিট আদি গুৰুত্বপূৰ্ণ প্ৰসংগ। আজি এই কাৰ্বন ক্ৰেডিটৰ প্ৰসংগতে বিশ্বজুৰি চৰ্চিত হৈছে অসমৰ এজন যুৱ বিজ্ঞানী। অতি নিষ্ঠাৰে কাম কৰা এই যুৱ বিজ্ঞানীজনৰ বিৰুদ্ধে আমেৰিকাই ষড়যন্ত্ৰমূলক ভাৱে উত্থাপন কৰিছে কাৰ্বন ক্ৰেডিট জালিয়াতিৰ অভিযোগ। এজন অসমীয়া বিজ্ঞানী তথা অসমৰ বাবে এই ষড়যন্ত্ৰ দুৰ্ভাগ্যজনক। আন্তৰাষ্ট্ৰীয় আইন আৰু আদালতে সেই সত্যতা নিৰূপণ কৰিব। কিন্তু এজন সফল অসমীয়া বিজ্ঞানীৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰৰ সঠিক খবৰ দিয়াতো আমাৰ দায়িত্ব। সেয়েহে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰতিবেদন...

আমেৰিকাৰ ৰোষত পৰিছে অসমৰ এজন প্ৰতিশ্ৰুতিসম্পন্ন বিজ্ঞানী। দেশখনৰ আদালতত অসমৰ এই বিজ্ঞানীজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। মিছা অভিযোগত অভিযুক্ত কৰা হৈছে তেওঁক। নলবাৰী জিলাৰ সমৰকুছি ত্ৰিদীপ কুমাৰ গোস্বামী নামৰ যুৱ বিজ্ঞানীজনৰ বিৰুদ্ধে উত্থাপিত হৈছে কাৰ্বন ক্ৰেডিট জালিয়াতিৰ অভিযোগ।

এই অভিযোগৰ ভিত্তিতে গোস্বামীৰ বিৰুদ্ধে ২৫কোটি ডলাৰতকৈ অধিক ধন লাভ কৰাৰ অভিযোগ তুলিছে মাৰ্কিন প্ৰতিষ্ঠানে। যি অভিযোগ গোস্বামীয়ে অস্বীকাৰ কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেলে বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱা  এই অভিযোগৰ সন্দৰ্ভত যোগাযোগ কৰিছিল যুৱ বিজ্ঞানীগৰাকীৰ সৈতে।

গোস্বামীয়ে জানিবলৈ দিয়া মতে, তেওঁ আমেৰিকাৰ চি কিউ চি ইমপেক্ট ইনভেষ্টৰ নামৰ এটা প্ৰতিষ্ঠানৰ সৈতে কাৰ্বন আৰু ইয়াৰ বহন ক্ষমতা একাউন্টিঙৰ মুৰব্বী হিচাপে কাম কৰিছিল। কেৱল বিশেষজ্ঞ হিচাপে দায়িত্ব আছিল তেওঁৰ। কোনো ধৰণৰ আৰ্থিক লেনদেনৰ সৈতে সম্পৰ্ক নাছিল গোস্বামীৰ।

উল্লেখযোগ্য যে, গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা শক্তি-প্ৰযুক্তি বিষয়ক আন পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ভাৰত চৰকাৰৰ বিদ্যুত-ৰাসায়ন গৱেষণা প্ৰতিষ্ঠানত হাইড্ৰজেন শক্তিৰ গৱেষণাৰ ক্ষেত্ৰখনত গৱেষণাৰ সৈতে জড়িত আছিল।

পিছলৈ তেওঁ কাৰ্বন ক্ৰেডিট আৰু বহন ক্ষমতা খণ্ডত মাৰ্কিন কোম্পানীৰ সৈতে কাম কৰিছিল। উল্লেখ্য যে, ৰাষ্ট্ৰ সংঘৰ উদ্যোগত বিশ্বৰ কাৰ্বন ডাই অক্সাইড বায়ু মণ্ডলত এৰি দিয়া দেশ সমূহৰ এক চুক্তি স্বাক্ষৰ হৈছিল ২০২২চনত। যি চুক্তিৰ উদ্দেশ্য আছিল বায়ুমণ্ডলৰ পৰা বায়ু প্ৰদুষিত কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ্ৰাস কৰা।

সেই উদ্দেশ্যৰেই উন্নত দেশবিলাকক দায়িত্ব দিয়া হৈছিল আন দেশসমূহক বিভিন্ন উদ্যোগ নাইবা প্ৰতিষ্ঠানৰ পৰা কাৰ্বন ডাই অক্সাইড উতপাদনৰ পৰিমাণ হ্ৰাস কৰা। সাধাৰণতে দেখা যায়, বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানে বছৰি লাখ লাখ মেট্ৰিকটন কাৰ্বন ডাই অক্সাইড বায়ু মণ্ডলত এৰি দিয়ে। সেই প্ৰক্ৰিয়াক বাধা দি কাৰ্বন ডাই অক্সাইড উৎপাদন নোহোৱা পদ্ধতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কোম্পানী বা দেশসমূহক আৰ্থিকভাৱে আন্তৰাষ্ট্ৰীয় পুঁজিৰ পৰা সাহায্য দিয়া হয়।

কিমান হাজাৰ বা লাখ মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ এৰি দিয়াৰ পৰা ৰক্ষা কৰা হ’ল সেই মাপ নিৰ্ধাৰণ কৰা হয় কাৰ্বন ক্ৰেডিটৰ জৰিয়তে। ইয়াক নিৰূপণ কৰাৰ বাবেই গোস্বামীয়ে কাম কৰা এই কোম্পানীয়ে দায়িত্ব লৈছিল। অভিযোগমতে, এই কোম্পানীৰ জৰিয়তে মিছাকৈ অধিক কাৰ্বন ক্ৰেডিট নিৰূপণ আৰু ইয়াৰ প্ৰমাণ পত্ৰ দিয়া হৈছিল।

অসমীয়া প্ৰতিদিন ডিজিটেলক গোস্বামীয়ে এই সন্দৰ্ভত কয়, - এতিয়ালৈকে তেওঁ তেনে কোনো আনুষ্ঠানিক আইনী জাননী মাৰ্কিন ন্যায় ব্যৱস্থাৰ পৰা লাভ কৰা নাই। একাংশ সংবাদমাধ্যমৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ খবৰ লাভ কৰিছে যদিও, কোনো আইনী জাননী নথকাৰ বাবে তেওঁ পদক্ষেপ ল’ব পৰা নাই।

উল্লেখযোগ্য যে, মাৰ্কিন যিটো কোম্পানীৰ সৈতে  তেওঁ কাম কৰিছিল সেই কাম তেওঁ গভীৰ আস্থা আৰু দায়িত্ব সহকাৰে কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ নেতৃত্ব দিয়া বহু প্ৰকল্প অসমৰ লগতে কেইবাখনো বিদেশী ৰাষ্ট্ৰত ৰূপায়ন হৈছিল। ১০০শতাংশই সফল হৈছিল সেই প্ৰকল্পসমূহ।

তেওঁ এই কোম্পানীত কাম কৰি থাকোতে অনুভৱ কৰিছিল কোম্পানীৰ কিছু খুট ধৰাৰ বাবে তেওঁৰ বৰমূৰীয়াসকল নাৰাজ হৈছিল। ইয়াৰ উপৰিও বৰ্ণবাদৰ বলি হৈছিল তেওঁ। সেয়েহে তেওঁ প্ৰায় ডেৰ বছৰ মানৰ পূৰ্বে কোম্পানীৰ পৰা পদত্যাগ কৰি নিজাকৈ এটা কোম্পানী খুলি কাম কৰাৰ পৰিকল্পনা কৰিছিল।

গোস্বামীৰ মতে, মই কেতিয়াও কোনো আঁচনিৰ আৰ্থিক লেনদেনৰ অংশীদাৰ নাছিলো। মই এজন কাৰিকৰী ব্যক্তি আৰু আমেৰিকাৰ চি কিউ চি ইমপেক্ট ইনভেষ্টৰ নামৰ কোম্পানীৰটোৰ এগৰাকী কাৰিকৰী বিষয়া আছিলো। কিহৰ বাবে এতিয়া মোক এইবোৰ দিশত সাঙুৰি লৈছে সেয়া মই নাজানো।

উল্লেখযোগ্য যে, অতি নীৰৱে গোস্বামীয়ে এই ক্ষেত্ৰখনত সফলতাৰে কাম কৰি গৈছিল। এই ক্ষেত্ৰত তেওঁ আছিল অন্যতম বাটকটীয়া অসমীয়া বিজ্ঞানী। তাৎপৰ্যপূৰ্ণভাৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহত প্ৰৱঞ্চনাৰ জৰিয়তে কাৰ্বন ক্ৰেডিট মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰি বিত্তীয় খেলিমেলি সংঘটিত কৰিছিল।

এনে অভিযোগ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি গোস্বামীয়ে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰা সময়ত কোম্পানীটোৱে বিভিন্ন প্ৰলোভনেৰে তেওঁক পৰিচালন সঞ্চালক পদটো অধিষ্ঠিত কৰিব খুজিছিল। কোম্পানীটোৰ ভিতৰচৰাত চলি থকা বহু আসোৱাঁহ লক্ষ্য কৰি তেওঁ এনে প্ৰলোভনৰ প্ৰতি আকৰ্ষিত নহৈ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰিছিল।

এই বিষয়ে সবিস্তাৰে অসমীয়া প্ৰতিদিন ডিজিটেলক তেওঁ জানিবলৈ দিলে। আমেৰিকাত উত্থাপিত এই অভিযোগে কাৰ্বন ক্ৰেডিট বজাৰখনৰ বৈধতা আৰু ইয়াত সংঘটিত অনিয়মৰ দিশবোৰো উদঙাই দিলে। সেই কোম্পানীটোৰ মুৰব্বীসকলক জবাবদিহি নকৰি অসম এই যুৱ বিজ্ঞানীজনক লক্ষ্য কৰি লোৱাটো আশ্বৰ্যজনক বুলিও তেওঁ মন্তব্য কৰে। গোস্বামীয়ে  জানিবলৈ দিয়া মতে, তেওঁ এই কোম্পানীটোৰ প্ৰাক্তন মুৰব্বী নিউকমৰ সৈতে যথেষ্ট সফলতাৰে কাম কৰিছিল। তেওঁৰ বদনাম কৰাৰ স্বাৰ্থতে এক পক্ষই এইবোৰ অভিযোগ উত্থাপন কৰি তেওঁকো ইয়াৰ মাজলৈ টানি আনিছে। অথচ গোস্বামীয়ে জানিবলৈ দিয়া মতে, তেওঁক মাৰ্কিন আদালতে অথবা আন কোনো কৰ্তৃপক্ষই কোনো আনুষ্ঠানিক জাননী দিয়া নাই। কিন্তু তেওঁ পূৰ্বে কাম কৰা কোম্পানীটোৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগতস তেওঁৰ নামো উল্লেখ থকাৰ বাবেই ইতিমধ্যে তেওঁ অধিবক্তাৰ সৈতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা চলাইছে।

এতিয়ালৈকে তেওঁ কোনো সংবাদমাধ্যমত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সাংবাদিকে তেওঁক যোগাযোগ কৰা পাছত অসমীয়া প্ৰতিদিন ডিজিটেলক এই বিষয়ে অতি বিতংভাৱে টেলিফোনিক বাৰ্তালাপত জনাইছে। তদুপৰি এই বিষয়টোৰ সন্দৰ্ভত এক প্ৰেছ বাৰ্তাৰ জৰিয়তেও স্পষ্টীকৰণ দিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলে সদ্যহতে এই বিষয়খিনিয়ে তুলি ধৰিছে। এইক্ষেত্ৰত আমি ন্যায় ব্যৱস্থাৰ বিপক্ষে অথবা ত্ৰিদীপ গোস্বামীৰ সপক্ষে অযথা উকালতি কৰিবও বিচৰা নাই। ভাৰত চৰকাৰৰ স্থিতি, আমেৰিকাৰ ন্যায় ব্যৱস্থাই গ্ৰহণ কৰা আইনী প্ৰক্ৰিয়াই কি গতি লয় সেয়া সময়ত স্পষ্ট হব। কিন্তু অসমৰ প্ৰতিভাৱান যুৱ বিজ্ঞানী এগৰাকী অযথা কোনো আন্তৰ্জাতিক চক্ৰৰ ষড়যন্ত্ৰৰ চিকাৰ হ'ব লগা হয় নেকি, তাক আমি সৰ্তকতাৰে পৰ্যবেক্ষণ কৰি তথ্যৰ আধাৰত এই বিষয়টো সবিস্তাৰে তুলি ধৰা প্ৰচেষ্টা অব্যাহত ৰাখিম।

আমেৰিকা যুক্তৰাষ্ট্ৰ