ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ প্ৰসিদ্ধ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদৰ লাড়ু বিতৰ্কক লৈ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক তীক্ষ্ণ প্ৰশ্নবান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। মন্দিৰৰ প্ৰসাদৰ লাড়ুত জন্তুৰ চৰ্বি মিহলোৱা হৈছে বুলি এক গুৰুতৰ অভিযোগ তুলি ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছিল মুখ্যমন্ত্ৰী নাইডুৱে। ইয়াৰ পিছতে সোমবাৰে এই সন্দৰ্ভত দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি ধৰ্ম আৰু ৰাজনীতিক পৃথকে ৰাখিবলৈ চৰকাৰক আহ্বান জনায় উচ্চতম ন্যায়ালয়ে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে তিৰুপতি মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল মুখ্যমন্ত্ৰী নাইডুৱে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীক আক্ৰমণ কৰি গুজৰাটৰ এটা পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ উদ্ধৃতি দি মন্দিৰৰ প্ৰসাদৰ লাড়ুত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছিল নাইডুৱে। মুখ্যমন্ত্ৰীগৰাকীৰ এনে বিস্ফোৰক অভিযোগৰ পিছতে দেশজুৰি ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক আৰম্ভ হয়।
ইফালে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে লাড়ু বিতৰ্কৰ গোচৰৰ শুনানি গ্ৰহণ কৰে। সেই শুনানিতে মুখ্যমন্ত্ৰী নাইডুক তীক্ষ্ণ প্ৰশ্নবানেৰে থকাসৰকা কৰে ন্যায়ালয়ে। ন্যায়ালয়ে প্ৰশ্ন কৰে, "যেতিয়া আপুনি (অন্ধ্ৰ প্ৰদেশ চৰকাৰে) বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰি তদন্তৰ নিৰ্দেশ দিছেই, তেন্তে সাংবাদিকসকলৰ সৈতে মুখামুখি হোৱাৰ প্ৰয়োজনীয়তা কি আছিল?’ আদালতে লগতে প্ৰশ্ন কৰে, "লাড়ু প্ৰস্তুত কৰাত যে ঘিউ ব্যৱহাৰ কৰা হৈছিল, তাৰ প্ৰমাণ ক'ত?’’ আনহাতে লাড়ুত জন্তুৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগ 'মিছা’ প্ৰমাণিত হোৱাৰ সম্ভাৱনাৰ ওপৰতো মন্তব্য কৰে সৰ্বোচ্চ ন্যায়ালয়ে।
মুখ্যমন্ত্ৰীক উদ্দেশ্যি ন্যায়ালয়ে কয়, "যেতিয়ালৈকে আপুনি (চন্দ্ৰবাবু নাইডু) সাংবিধানিক পদত আছে, তেতিয়ালৈকে আপুনি ভগৱানক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব বুলি আমি আশা কৰিছোঁ।" মন কৰিবলগীয়া যে, তিৰুপতিৰ এই প্ৰসাদৰ লাড়ু বিতৰ্কক লৈ চন্দ্ৰবাবুৰ আক্ৰমণৰ লক্ষ্য আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী। অৱশ্যে ৰেড্ডী আৰু তেওঁৰ দল ৱাই এছ আৰ কংগ্ৰেছে এই অভিযোগ এক ৰাজনৈতিক চক্ৰান্ত বুলি দাবী কৰি পোনচাটেই নাকচ কৰিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈেও এখন পত্ৰ লিখিছে জগনমোহন ৰেড্ডীয়ে। এই পত্ৰত নাইডুৱে তিৰুপতিৰ পবিত্ৰতা ধ্বংস কৰা বুলিও অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।