বোকাখাতত মন্ত্ৰী অতুল বৰাৰ মাটিমাহৰ খেতিৰ চমকঃ ১০০০ বিঘাৰ খেতিত বিঘায়ে প্ৰতি উৎপাদন হ'ল মাত্ৰ ১ কিঃগ্ৰাঃ মাহ...

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ মাটিমাহৰ খেতিৰ চমকঃ ১০০০ বিঘাৰ খেতিত বিঘায়ে প্ৰতি উৎপাদন হ'ল মাত্ৰ ১ কিঃগ্ৰাঃ মাহ...

author-image
Asomiya Pratidin
New Update
বোকাখাতত মন্ত্ৰী অতুল বৰাৰ মাটিমাহৰ খেতিৰ চমকঃ ১০০০ বিঘাৰ খেতিত বিঘায়ে প্ৰতি উৎপাদন হ'ল মাত্ৰ ১ কিঃগ্ৰাঃ মাহ...

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধান সভা সমষ্টিৰ কৃষিখণ্ডৰ উন্নয়নৰ জয়ঢোলটো কৃষি মন্ত্ৰী অতুল বৰাই যিমানেই নবজাওক লাগে প্ৰকৃত ছবিখন যে তেনেই সাৰশূন্য সেয়া মন্ত্ৰী গৰাকীৰ দুটাকৈ কাৰ্যকালত প্ৰমান হৈ আহিছে বহুবাৰ। তাৰ পাছতো একাংশ অন্ধভক্তৰ সন্মুখত চৰম নিৰ্লজৰ দৰেই চমক সৃষ্টি কৰি থাকিবলৈ কিন্তু অকনো সংকোচ নকৰে মন্ত্ৰী গৰাকীয়ে।

বোকাখাত বিধান সভা সমষ্টিৰ গাভৰু চাপৰিত মন্ত্ৰী গৰাকীৰ উদ্যোগত কৰা মাটি মাহৰ খেতিৰ ফলাফলে চকু কপালত তুলিব সাধাৰণ ৰাইজৰ। RTI কৰ্মী দিলীপ নাথে শেহতীয়াকৈ গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ল পৰা লাভ কৰা কৃষি মন্তী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত কৰা মাটি মাহৰ খেতিৰ পৰা হোৱা লাভালাভৰ তথ্যই পুণৰবাৰ প্ৰমান কৰিলে যে সমষ্টিৰটোৰ কৃষক ৰাইজৰ উন্নতিতকৈ মন্ত্ৰী গৰাকীৰ চমক সৃষ্টিত হে আগ্ৰহ বেছি।

হয়, মন্ত্ৰী অতুল বৰাই বোকাখাতৰ গাভৰু চাপৰিত ২০২২-২৩ বৰ্ষত ঢোলে ডগৰে নিজে ট্ৰেক্টৰেৰে মাটি চহাই চাপৰিটোৰ কৃষকসকলৰ মাটিত মাটিমাহৰ খেতি কৰিছিল। সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৫০০০ হাজাৰ বিঘা কৃষিভূমিত সামৰি গ্ৰহন কৰা হৈছিল গৰুখুঁটিৰ আৰ্হিত এক সমন্বিত কৃষি প্ৰকল্প। সেই গাভৰু চাপৰিৰ সমন্বিত কৃষি প্ৰকল্পতেই উন্নত কৃষি পদ্ধতি আৰু উন্নত বীজেৰে মাটিমাহৰ খেতি কৰা বুলি বাৰুকৈয়ে ফোঁপযহী মাৰিছিল মন্ত্ৰী অতুল বৰাই।

কিন্তু RTI কৰ্মী দিলীপ নাথে গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ল পৰা লাভ কৰা নথি-পত্ৰত মাত্ৰ ১০০০ বিঘা মাটিতহে মাটিমাহৰ খেতি কৰা হৈছিল বুলি তথ্য ওলাল। অৰ্থাৎ গাভৰু চাপৰিত ৫০০০ হাজাৰ বিঘাৰ এক কৃষি প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰাই সমষ্টিটোৰ কৃষকক ৰাম ঠগন দিছিল মন্ত্ৰী অতুল বৰাই। ইফালে ১০০০ বিঘা মাটিত মাটিমাহৰ খেতি কৰি লজ্জাজনক ভাবে বিঘাত মাত্ৰ ১ কিঃগ্ৰাঃহে মাটিমাহৰ উৎপাদন হ'ল উক্ত কৃষি প্ৰকল্পত।

কিন্তু বিঘাত ১৪ কুইণ্টল উৎপাদন হোৱাৰ প্ৰচাৰ কৰিছিল মন্ত্ৰী অতুল বৰাই। উল্লেখযোগ্য কৃষিমন্ত্ৰী অতুল বৰাই উক্ত কৃষিৰ বাবে KUTA URD 4 নামৰ উন্নত প্ৰজাতিৰ বীজ ক্ৰয় কৰিছিল Salasar Agro Service নামৰ গুৱাহাটীৰ এটা প্ৰতিষ্ঠানৰ পৰা, খৰচ কৰিছিল ৭,২২,২০,২৬২.৪০ টকা। পিছে এই উন্নত প্ৰজাতিৰ বীজৰ পৰা বিঘাত মাত্ৰ ১ কিঃগ্ৰাঃ হে মাটিমাহ উৎপাদন হোৱাৰ ৰহস্য কি?

অৰ্থাৎ পুণৰ বাৰ সহজ-সৰল আৰু দৰিদ্ৰ কৃষকৰ কৃষিভূমিত একাংশ 'অনুগত সাংবাদিক'ৰ কেমেৰাৰ সন্মুখত ঢোলে ডগৰে ভোজ-ভাত খাই এক বিশাল কৃষি প্ৰকল্প হাতত লোৱা হৈছে বুলি বোকাখাত সমষ্টিৰ কৃষকক আভুৱাহে ভাৰিলে কৃষি মন্ত্ৰী অতুল বৰাই।.

Also Read: বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ ছন্দপতনঃ প্ৰধানমন্ত্ৰীৰ বাসভৱনত হাজাৰ হাজাৰ লোকৰ প্ৰৱেশ...

অতুল বৰা