মায়ঙৰ পাতেকীবৰীত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা

মায়ঙৰ পাতেকীবৰীত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা

author-image
asomiyapratidin
New Update
মায়ঙৰ পাতেকীবৰীত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সজাগতা সভা

ডিজিটেল সংবাদ,মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ পাতেকীবৰীত শুকুৰবাৰে ঈদগাহ সমিতিৰ উদ্যোগত সমাজত ঘটি থকা অপৰাধ প্ৰৱণতা আৰু অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে এখনি সজাগতা সভা অনুষ্ঠিত হয়। পাভকাতি গাঁও পঞ্চায়তৰ অন্তৰ্গত সিধাগুৰি, পাতেকীবৰী,মৰিসুতিটুপ আৰু পাভকাতি গাঁৱত যোৱা কিছুদিন ধৰি ঘটি থকা কিছু অপৰাধ জনীত ঘটনাই সমাজখনৰ উঠি অহা প্ৰজন্মক ক্ষতিগ্ৰস্ত কৰাৰ লগতে সচেতন মহলক চিন্তাত পেলোৱাৰ পৰিপেক্ষিতত পাতেকীবৰী আঞ্চলিক ঈদগাহ সমিতিখনে এইদৰে সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে।

সমাজ কৰ্মী মৌলনা চিৰাজুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন আগবঢ়াই মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মন আৰু সাংবাদিক নজৰুল ইছলামে। তিনিও গৰাকী অতিথিয়ে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত সঘনাই দেখা দিয়া বাল্য বিবাহ,নাৰী নিৰ্যাতন,ভুমি বিবাদ, জুৱা,গৰু চুৰি আদি অপৰাধজনিত সমস্যাসমূহ বৃদ্ধি পোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়সমূহ উপস্থিত ৰাইজৰ সন্মুখত নিজৰ নিজৰ বক্তব্যত উল্লেখ কৰে।

লগতে আগন্তুক দিনত এই অসামাজিক কাৰ্যকলাপসমূহ বন্ধ কৰিবলৈ গাঁৱৰ সচেতন চিন্তাশীল ব্যক্তিসকলৰ নেতৃত্বত সমিতি গঠন কৰাৰ পৰামৰ্শ আগবঢ়াই। তিনিও গৰাকী আমন্ত্ৰিত অতিথিয়ে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ ৰাইজক আহ্বান জনাই। আব্দুল কৰিমে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত যুৱ সমাজ কৰ্মী ৰেজাউল ইছলাম, ছামছুদ্দিন আহমেদ, হবিবুৰ ৰহমান আৰু মুফ্টি চহিদুল ইছলামে গাঁও কেইখনত দেখা দিয়া বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে। আজিৰ সভাতেই সচেতন নাগৰিক মঞ্চ নামেৰে এখন ৩১ জনীয়া সমিতি গঠন কৰি আগন্তুক দিনত প্ৰতিখন গাঁৱত অসামাজিক কাম কাজ বন্ধ কৰিবলৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

mayong