ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা

ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা

ডিজিটেল সংবাদ, ধুবুৰী: শিশুৰ অধিকাৰ ৰক্ষা আৰু জনসাধাৰণৰ বাবে আইনী সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণে বুধবাৰে ধুবুৰী আৰক্ষী ছাউনীত এক সজাগতা মূলক অনুষ্ঠানৰ আয়োজন কৰে। ধুবুৰী জিলাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য সকলক লৈ এই সজাগতা সভাৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে।

শিশুৰ অধিকাৰ সম্পৰ্কীয় সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব আচমা ৰহমানে শিশুৰ সৈতে জড়িত আইনী বিষয়সমূহ অতি সংবেদন শীলতা আৰু যত্নসহকাৰে গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আইনী সেৱাসমূহ সহজলভ্য আৰু শিশু অনুকূল কৰি তোলাৰ ক্ষেত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে ৰাইজৰ সুবিধাৰ্থে আৰু সজাগতা বৃদ্ধিৰ লক্ষ্যৰে কাম কৰি আছে বুলি আজি তেঁও জানিব লৈ দিয়ে।

অনুষ্ঠানটোত উপস্থিত থকা সকলোৱে শিশুৰ অধিকাৰ সুনিশ্চিত কৰা তথা সুৰক্ষিত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয় । অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ প্ৰতিনিধিসকলেও শিশু অনুকূল আইন সেৱা আৰু তেওঁলোকৰ সুৰক্ষা আঁচনি, ২০১৫ সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়।

বক্তাসকলে শিশুৰ অধিকাৰ ৰক্ষা আৰু আইনী সেৱাৰ ক্ষেত্ৰত সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে । লগতে বাল্য বিবাহ, শিশু শ্ৰমিক ৰোধৰ ক্ষেত্ৰত সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় ।

dhubri