নতুন আইনৰ সন্দৰ্ভত লামডিং আৰক্ষী-ৰে'ল আৰক্ষীৰ সজাগতামূলক সভা...

নতুন আইনৰ সন্দৰ্ভত লামডিং আৰক্ষী-ৰে'ল আৰক্ষীৰ সজাগতামূলক সভা...
Published on
Updated on

ডিজিটেল সংবাদ, লামডিংঃ সমগ্ৰ দেশত প্ৰযোজ্য হ'ল তিনিখনকৈ নতুন আইন।আই পি চি আৰু চিআৰপিচিৰ নতুন বিধান ১জুলাইৰ পৰা বলৱৎ হৈছে। আজিৰে পৰা প্ৰযোজ্য হোৱা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা , ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনি খন আইনৰ অধীনত লামডিং আৰক্ষী থানা আৰু লামডিং ৰে'লৱে ষ্টেচনত সজাগতামূলক সভা আয়োজন কৰিছে।

লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ উদ্যোগত থানাৰ চৌহদত অনুষ্ঠিত হোৱা সজাগতামূলক সভাত উপস্থিত থাকে লামডিং পৌৰসভা, নাগৰিক সুৰক্ষা সমিতি বিভিন্ন বেচৰকাৰি সংস্থাকে ধৰি ছাত্ৰ ছাত্ৰী সকলে। আনফালে লামডিং ৰেলৱে ষ্টেচনত জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতাৰ উদ্যোগত অনুস্থিত হয় সজাগতামূলক সভা। লামডিং ৰে'লৱে ষ্টেচনত সজাগতামূলক সভাত আৰ পি এফৰ চিবিআই দল , ৰে'ল কৰ্মচাৰী, ভেণ্ডাৰৰ লগতে সমাজকৰ্মী আৰু অধিবক্তা, গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

এই আইনত ৩৭ টা নতুন ধাৰা অন্তৰ্ভুক্ত কৰা হয় মহিলা আৰু শিশুসকলৰ ক্ষেত্ৰত বিশেষ সুবিধা দিয়া হৈছে এই আইনত। আনফালে ভুক্তভুগীসকলৰ বাবে বিশেষ সহায় আগবঢ়াব এই আইনে। সমাজৰ পৰা অপৰাধ কিছু পৰিমাণে কম কৰা উদ্দেশ্য লৈ এই সজাগতা সভা আয়োজন কৰিছে। লগতে প্ৰতিজন নাগৰিকে এই আইনৰ বিষয়ে জ্ঞাত হবলৈ এই সজাগতা সভাৰ আয়োজন কৰা হয়।

নতুন আইনৰ সন্দৰ্ভত লামডিং আৰক্ষী-ৰে'ল আৰক্ষীৰ সজাগতামূলক সভা...
কোকৰাঝাৰৰ ছালাকাটিত নিশা গুলীচালনাঃ আহত এটা ডকাইত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in