মছজিদ নিৰ্মাণৰ বাবে আবন্টিত অযোধ্যাৰ ভূমি নিজৰ বুলি দাবী কৰিছে এগৰাকী মহিলাই...

মছজিদ নিৰ্মাণৰ বাবে আবন্টিত অযোধ্যাৰ ভূমি নিজৰ বুলি দাবী কৰিছে এগৰাকী মহিলাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণৰ পাছতে এটা বৃহৎ মছজিদ নিৰ্মাণৰ যো জা ইতিমধ্যে চলি আছে। অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলগীয়া এই মছজিদটোৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ হৈছে। এনে সময়তে দিল্লীৰ এগৰাকী মহিলাৰ দাবীয়ে বিশেষ চৰ্চা লাভ কৰিছে।

দিল্লীৰ মহিলাগৰাকীয়ে দাবী কৰিছে যে, অযোধ্যাত মছজিদ নিৰ্মাণৰ বাবে যিখিনি ভূমি প্ৰস্তাৱিত কৰা হৈছে, সেই সমস্ত ভূমি মহিলাগৰাকীৰ পুৰ্বপুৰুষৰ। আৰু সেই ভূমিখিনি পুনৰ বিচাৰি তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ প্ৰদান কৰিছে।

মহিলাগৰাকীৰ এই দাবীৰ পাছতে মছজিদ নিৰ্মাণ কমিটিৰ লগতে ইণ্ডো ইছলামিক কালচাৰেল ট্ৰাষ্টে এই দাবীক ভিত্তিহীন বুলি কয়। ট্ৰাষ্টে দাবী কৰে যে, মহিলাগৰাকীৰ এই দাবী ২০২১চনতে এলাহাবাদ হাইকৰ্টে খাৰিজ কৰিছে। গতিকে মছজিদ নিৰ্মাণক লৈ এতিয়া কোনো বিৰ্তক নাই। চলিত বৰ্ষৰে অক্টোবৰ মাহৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হব বুলি জনায় ট্ৰাষ্টে।

উল্লেখ কৰা প্ৰয়োজন যে, দিল্লী নিবাসী ৰাণী পাঞ্জাৱী নামৰ এই মহিলাগৰাকীয়ে দাবী কৰিছিল যে, অযোধ্যাৰ ধন্নীপুৰত মছজিদৰ বাবে প্ৰস্তাৱিত ২৮.৩৫একৰ মাটিৰ ৫একৰ মাটি তেওঁলোকৰ পুৰ্বপুৰুষৰ। তেওঁৰ ওচৰত এই মাটিৰ সমস্ত নথি-পত্ৰ থকা বুলিও দাবী কৰে।

১৯৮৩চনৰ পৰাই এই মাটিখিনিত মহিলাগৰাকীৰ পুৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আছে বুলি দাবী কৰে ৰাণী পাঞ্জাৱীয়ে । কিন্তু হঠাতে তেওঁৰ পিতৃৰ শৰীৰ বেয়া হোৱাৰ বাবে তেওঁৰ চিকিতসাৰ বাবে দিল্লীলৈ আহিব লগা হয় আৰু তাতেই থাকিব লগা হয়। তেওঁলোক গুচিঁ অহাৰ পাছতে উক্ত স্থানত বেদখল চলে বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে।

অৱশ্যে এই অভিযোগক ২০২১ত এলাহাবাদ হাইকৰ্টে খাৰিজ কৰিছিল। ইণ্ডো ইছলামিক কালচাৰেল ট্ৰাষ্টৰ সভাপতি জুফৰ ফাৰুকীয়ে পুনৰ এই বিৰ্তকটো উদ্ভৱ হোৱাক লৈ কয়, উচ্চতম ন্যায়ালয়ত আবেদন কৰিলেও সত্যৰ সলনি নহয়। ইতিমধ্যে মন্দিৰ নিৰ্মাণৰ বাবে সকলোখিনি যাৱতীয় নিৰ্দেশ আমি লাভ কৰিছো। অক্টোবৰৰ পৰাই মছজিদ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাটো ১০০শতাংশ নিশ্চিত।

মছজিদ নিৰ্মাণৰ বাবে আবন্টিত অযোধ্যাৰ ভূমি নিজৰ বুলি দাবী কৰিছে এগৰাকী মহিলাই...
UPSCৰ নতুন অধ্যক্ষ নিযুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in