ডিজিটেল সংবাদ, বিলাসীপাৰাঃ শুকুৰবাৰে ধুবুৰীৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উদ্যোগত আৰু অৰণ্য সুৰক্ষা সমিতি অসমৰ সহযোগত বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ বাণীকান্ত কাকতি গ্ৰন্থাগাৰত আয়ুৰ্বেদ দিৱস পালন কৰা হয়। এই উপলক্ষে এখন বনৌষধিৰ সজাগতামূলক প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।
প্ৰদৰ্শনী খন মুকলি কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ জ্যেষ্ঠ সহযোগী অধ্যাপক মতিউৰ ৰহমান মজুমদাৰে। অন্যহাতে বনৌষধিৰ ওপৰত বক্তৃতা আগবঢ়ায় বিলাসীপাৰা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ অনুষ্ঠান বিষয়া তথা অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড° হৰিচৰণ দাসে।
প্ৰদৰ্শনীত গিলৈ,ভূমি তুলসী,ইলাছী ,পচতীয়া,ৰাম তুলসী আদি নানাবিধ স্থানীয় বনৌষধি প্ৰদৰ্শনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বনৌষধি বিতৰণ কৰে।