ডিজিটেল ডেস্কঃ বাবা ছিদ্দিকী হত্যাকাণ্ডৰ সৈতে জৰিত আন এজন শ্বুটাৰ আৰু ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। উত্তৰ প্ৰদেশৰ এছটিএফ আৰু মুম্বাই অপৰাধ শাখাৰ যৌথ অভিযানত দেওবাৰে উত্তৰ প্ৰদেশৰ বাহৰাইচৰ নানপাৰাৰ পৰা অভিযুক্ত কেইজনক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা অনুসৰি, ৬ গৰাকী বিষয়া আৰু ১৫ গৰাকী কৰ্মচাৰীক লৈ এই অভিযানটো চলোৱা হৈছিল। শিৱ কুমাৰ নামৰ মূল অভিযুক্তজন নেপাললৈ পলায়ন কৰিবলৈ চেষ্টা কৰা সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি আটাইকেইজন অভিযুক্তক মুম্বাইলৈ লৈ যোৱা হৈছে।
লক্ষ্যনীয় যে উত্তৰ প্ৰদেশ এছটিএফে প্ৰকাশ কৰা বিবৃতি অনুসৰি, বৰ্তমান কাৰাগাৰত বন্দী হৈ থকা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছিল বুলি শ্বুটাৰে ইতিমধ্যে স্বীকাৰ কৰিছে।
উল্লেখ্য যে,শিৱ কুমাৰৰ উপৰিও এই ঘটনাৰ লগত জৰিত আন ৪ অভিযুক্ত হৈছে অনুৰাগ কাশ্যপ, জ্ঞান প্ৰকাশ ত্ৰিপাঠী, আকাশ শ্ৰীবাস্তৱ আৰু অখিলেন্দ্ৰ প্ৰতাপ সিং । এই লোকসকলে শিৱ কুমাৰৰ পলায়নত সহায় কৰাৰ লগতে তেওঁক আশ্ৰয় দিছিল । লগতে নেপাললৈ পলাই যোৱাৰ প্ৰচেষ্টাত তেওঁক সহায় কৰিছিল বুলি অভিযোগ কৰা হৈছে ।
Also Read: ৰাজ্যত বঞ্চিত-উপেক্ষিত লাখ লাখ থলুৱা ঠিকাদাৰঃ সংবাদ মেলত অসম জাতীয় পৰিষদৰ অভিযোগ...