কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত হৈছিল মৃত্যু! মোগলৰ শেষৰগৰাকী সম্ৰাটৰ বিষয়ে জানেনে আপুনি...

কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত হৈছিল মৃত্যু! মোগলৰ শেষৰগৰাকী সম্ৰাটৰ বিষয়ে জানেনে আপুনি...
Published on
Updated on

ডিজিটেল ডেস্কঃ মোগল শাসনকালৰ প্ৰথমগৰাকী সম্ৰাট হৈছে বাবৰ। এই কথা হয়তো কম-বেছি পৰিমাণে সকলোৱে জানে। কিন্তু আপুনি-মই আৰু বহুজনে হয়তো নাজানো যে মোগলৰ শেষৰগৰাকী সম্ৰাট কোন? মোগলৰ প্ৰথমগৰাকী সম্ৰাটৰ কথা সততে আলোচনা নহয়।

কিন্তু ২০১৭চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ম্যানমানৰ ভ্ৰমণৰ সময়তে মোগলৰ শেষৰগৰাকী সম্ৰাটৰ সমাধিস্থলীলৈ গৈছিল। তেতিয়াই ৰাষ্ট্ৰীয় সংবাদমাধ্যমত চৰ্চিত হৈছিল এই সম্ৰাটগৰাকীৰ নাম। বহুতে হয়তো নাজানে যে, মোগলৰ শেষৰগৰাকী সম্ৰাট হৈছে-বাহাদুৰ শ্বাহ জফৰ।

বাহাদুৰ শ্বাহ জফৰৰ সমাধিস্থলীক লৈ বহুদিন বিৰ্তক চলিছিল। অৱশেষত পুৰাতত্ত্ব বিভাগে নিৰ্ধাৰণ কৰিছিল দিছিল যে, ম্যানমাৰতেই আছে মোগল শাসনকালৰ অন্তিমগৰাকী সম্ৰাটৰ সমাধিস্থলী অৰ্থাত মাজাৰ। উল্লেখ কৰা প্ৰয়োজন যে, মোগলৰ এই অন্তিমগৰাকী সম্ৰাটৰ মৃত্যু হৈছিল ১৮৬২চনৰ ৬নৱেম্বৰত। পুৱতি নিশা ৫বজাত বাহাদুৰ শ্বাহ জফৰৰ মৃত্যু হৈছিল বুলি উল্লেখ আছে ইতিহাসৰ পাতত।

১৮৩৭ৰ পৰা ১৮৫৭লৈ মোগলৰ অন্তিম গৰাকী সম্ৰাটে শাসন কৰিছিল ভাৰতত। ১৮৬২চনত ইংৰাজে বাহাদুৰ শ্বাহ জফৰক গাদীচ্যুত কৰে আৰু ম্যানমাৰৰ এটা কাৰাগাৰত বন্দী কৰি ৰাখিছিল। সেই কাৰাগাৰতেই মৃত্যু হৈছিল মোগলৰ শেষৰগৰাকী সম্ৰাটৰ।

ইতিহাসৰ পাতত উল্লেখ আছে যে, ইংৰাজে মোগল সম্ৰাট গৰাকী খাদ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বৰ বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল। যাৰবাবে কাৰাগাৰত অতি কম দিনৰ ভিতৰতে মৃত্যু হৈছিল বাহাদুৰ শ্বাহ জফৰৰ। ৮৭বছৰ বয়সত বাহাদুৰ শ্বাহ জফৰৰ মৃত্যু হৈছিল।

সেই সময়ত সম্ৰাটগৰাকীৰ পৰিয়ালে বাহাদুৰ শ্বাহ জফৰৰ শেষকৃত্য দিল্লীত কৰিবলৈ মন মেলিছিল যদিও অৱশেষত সেয়া হৈ উঠা নাছিল। বহুবছৰ ধৰি চৰ্চা নথকা বাহাদুৰ শ্বাহ জফৰৰ সমাধিক্ষেত্ৰত ১৯৯১চনত এক বিশেষ খনন চলিছিল আৰু সেই খননতে বাহাদুৰ শ্বাহ জফৰৰ কংকাল উদ্ধাৰ হৈছিল।

Wagner Ramalho

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in