বাইহাটা চাৰিআলি আৰক্ষী থানাৰ পৰা পলাল আচামী, স্মাৰ্ট পুলিচৰ ওলাল ফোপোলা স্বৰূপ...

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ পৰা পলাল আচামী, স্মাৰ্ট পুলিচৰ ওলাল ফোপোলা স্বৰূপ...
Published on
Updated on

ডিজিটেল সংবাদ, দুমুনিচকীঃ ছাগলী চুৰি কৰাৰ সন্দেহত স্থানীয় লোকে আবদ্ধ কৰি শুকুৰবাৰে বাইহাটা চাৰিআলি আৰক্ষীক গতাই দিয়া এজন ড্ৰাগছ আসক্ত যুৱকে শনিবাৰে দিনত থানাৰ পৰা পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্মাৰ্ট আৰক্ষীৰ চকুত ধুলি দি ড্ৰাগছ আসক্ত যুৱকে পলায়ন কৰাৰ পিছতে হুৱাদুৱা লগা থানাখনৰ আৰক্ষীয়ে যুৱকজনক পুনৰ বিচাৰিবলৈ আৰম্ভ কৰে। অৱশেষত দিনৰ প্ৰায় ১বজাত যুৱকজনৰ নিজ বাসগৃহৰ সমীপৰ পৰা আৰক্ষীয়ে পুনৰ আটক কৰে।

উল্লেখ্য যে বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ইছাৰ কেম্প নিবাসী তথা ড্ৰাগছ আসক্ত যুৱক মইনুল আলীক শুকুৰবাৰে আলীপুৰ গাঁৱৰ একাংশ স্থানীয় লোকে ছাগলী চুৰি কৰাৰ অভিযোগত বাইহাটা চাৰিআলি থানাৰ আৰক্ষীক গতাই দিছিল। কিন্তু নিশাটো লকাপত থকাৰ পিছত আজি দিনৰ প্ৰায় ১০মান বজাত সুযোগ বুজি যুৱকজনে থানাৰ পৰা পলায়ন কৰে।

ঘটনাৰ বিষয়ে অৱগত হোৱাত উপস্থিত থকা আৰক্ষীৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। ফলত আৰক্ষীয়ে পলায়ন কৰা যুৱকজনক বিচাৰি তৎপৰতাৰে অভিযান চলাবলৈ আৰম্ভ কৰে। কিন্তু অৱশেষত প্ৰায় ৩ঘন্টাৰ পিছত যুৱকজনক নিজ ঘৰৰ সমীপৰ এটা সুঁতিত পুনৰ আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ছাগলী চুৰিৰ সন্দেহত সাধাৰণ ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিয়া ড্ৰাগছ আসক্ত যুৱকজন ২৪ ঘন্টা চিচি টিভি কেমেৰাৰ নিৰীক্ষণত থকাৰ পিছতো পলাবলৈ সক্ষম হোৱা ঘটনাই স্বাভাৱিকতে সাধাৰণ লোক সন্দিহান হৈ পৰিছে। বাইহাটা চাৰিআলি স্মাৰ্ট আৰক্ষীৰ দায়িত্বহীন কাণ্ডৰ বিষয়ে সম্প্ৰতি সৰ্বত্ৰে চৰ্চা অব্যাহত আছে।

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ পৰা পলাল আচামী, স্মাৰ্ট পুলিচৰ ওলাল ফোপোলা স্বৰূপ...
বেইজিঙৰ আগ্ৰহৰ পাছতো চীন ভ্ৰমণৰ পূৰ্বে পুনৰ দিল্লীলৈ শ্বেইখ হাছিনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in