এছ আই কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্তলৈ জামিন...

গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন...

author-image
Asomiya Pratidin
New Update
এছ আই কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্তলৈ জামিন...

PK DUTTA

ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্তৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।গুৱাহাটী উচ্চ ন্যায়ালয়ে পি কে দত্তক দুজন জামিনদাৰ আৰু ২ লাখ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰিছে।

উল্লেখ্য যে, ২০২০ চনৰ অক্টোবৰত এছ আই নিযুক্তিৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল পি কে দত্তক। তেওঁক ভাৰত-নেপাল সীমান্তৰ কাকৰিভিঠাত গ্ৰেপ্তাৰ কৰিছিল।

প্ৰাক্তন আৰক্ষী বিষয়া পি কে দত্তক গ্ৰেপ্তাৰৰ পিছতে তেওঁৰ পৰ্বতসম সম্পত্তিৰ তথ্যও পোহৰলৈ আহিছিল। আনহাতে পি কে দত্তৰ উপৰিও সেই সময়ৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণকো গ্ৰেপ্তাৰ কৰিছিল। কেই দিনমান পূৰ্বে তেওঁৰ জামিন আৱেদন নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।

si scam Assam police PK DUTTA