বজালী সাহিত্য কলা পৰিষদৰ অভিনন্দন অনুষ্ঠান...

বজালী সাহিত্য কলা পৰিষদৰ অভিনন্দন অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
বজালী সাহিত্য কলা পৰিষদৰ অভিনন্দন অনুষ্ঠান...

ডিজিটেল সংবাদ, পাটাছাৰকুছি: বজালী সাহিত্য কলা পৰিষদৰ উদ্যোগত নিত্যানন্দত কৃৃতি ছাত্ৰ ছাত্ৰীৰ লগতে ক্ষেত্ৰ বিষয়ক বিভিন্ন দক্ষ ব্যক্তিক দেওবাৰে অভিনন্দন জ্ঞাপন কৰে। এই অভিনন্দন অনুষ্ঠানৰ প্ৰাকমূহুৰ্তত ৰাতিপুৱা ৯ বজাত বজালী সাহিত্য কলা পৰিষদৰ পতাকা উত্তোলন কৰে বজালী সাহিত্য কলা পৰিষদৰ সভাপতি দীনেশ দাসে। বজালী সাহিত্য কলা পৰিষদৰ প্ৰতিস্থাপক সভাপতি স্বভাব কবি কালিদাসৰ প্ৰতিছব্বিত মাল্যাৰ্পন কৰে বজালী সাহিত্য কলা পৰিষদৰ সম্পাদক হেমাংগ দেব চৌধুৰীয়ে , শ্বহীদ তৰ্পন কৰে শাৰীৰিক নিৰ্দেশক মুনীন্দ্ৰ দাস, সাংস্কৃতিক কৰ্মী সমুদ্ৰ মেধি আৰু জয়ন্ত হাজৰিকা সোৱৰণী সংঘৰ নিত্যানন্দৰ সম্পাদক দিলীপ দাসে।

অভিনন্দন অনুষ্ঠানৰ মুকলি সভা উন্মোচন কৰে পাটাছাৰকুছি বিধান সভা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেখেতে বক্তব্যত ছাত্ৰ-ছাত্ৰী উদ্দেশ্যে বহুমূল্যবান ভাষণ আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীৰ বিপদৰ সময়ত ওচৰত থিয় হোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে।

সাংস্কৃতিক কৰ্মী ভূপেশ খাটনিয়াৰে আঁত ধৰা মুকলি সভাৰ অনুষ্ঠানটোত উপস্থিত থাকে বিশেষ অতিথি ৰূপে অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয়, আঞ্চলিক উন্নয়ন সমিতি নিত্যানন্দৰ সভাপতি মনোজ চৌধুৰী, পাঠশালা উদয়ন সংঘৰ সভাপতি ৰুবুল শৰ্মা, পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল গোস্বামী, বজালী জিলাৰ নিৰ্বাচনী বিষয়া হিয়া মেধি, শংকৰদেব শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য্য বন্দনা দেবী চৌধুৰী , সমাজ সচেতক ব্যক্তি বিপুল দেব চৌধুৰী, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰীধৰ চৌধুৰী, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ফুলেন পাঠক জ্যেষ্ঠ শিক্ষা গুৰু তিলক চন্দ্ৰ মেধিৰ লগতে বহু গণ্য মাণ্যব্যক্তি সকল।

এই অভিনন্দন অনুষ্ঠানত বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে লোক সংগীতৰ সম্ৰাট বসন্ত পাটগিৰী আৰু আদৰ্শ কৃষকৰ সন্মান প্ৰদান কৰে ৰামনাথ চৌধুৰীয়ে। নিত্যানন্দত অসম লোক সেৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসীম মজুমদাৰ, বিক্ৰমজ্যোতি বৰুৱা আৰু হৃদয় তালুকদাৰক উষ্ণ অভিনন্দন জনায়। এই অনুষ্ঠানতে বজালীৰ বিভিন্ন ঠাইৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনাৰে সম্বৰ্ধিত কৰে শেষত শলাগৰ শৰাই আগবঢ়াই বজালী সাহিত্য কলা পৰিষদৰ সহ সম্পাদক কমল কুমাৰ চৌধুৰীয়ে। মুকলি সভাত সভাপতিত্ব কৰে বজালী সাহিত্য কলা পৰিষদৰ সভাপতি দীনেশ দাসে।

Also Read: বিহালীত চাঞ্চল্যকৰ হত্যাকাণ্ড...

bajali