টুপীয়াৰ বগাবিল প্ৰাথমিক বিদ্যালয়ত বন্ধু বিদ্যালয় অনুষ্ঠান সম্পন্ন

জামুগুৰিহাটৰ টুপীয়াৰ বগাবিল প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে বন্ধু বিদ্যালয় অনুষ্ঠান অনুষ্ঠিত হয়। নদুৱাৰ শিক্ষা খণ্ডৰ অধীনৰ তৌভঙা আৰু নাহৰবাৰী মণ্ডল সমল কেন্দ্ৰ এলেকাৰ  বগাবিল, নবিল,তৰাজান আৰু ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়কে ধৰি চাৰিখন বিদ্যালয়ক লৈ এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
bondhu bidyalaya

bondhu bidyalaya

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ টুপীয়াৰ বগাবিল প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে বন্ধু বিদ্যালয় অনুষ্ঠান অনুষ্ঠিত হয়। নদুৱাৰ শিক্ষা খণ্ডৰ অধীনৰ তৌভঙা আৰু নাহৰবাৰী মণ্ডল সমল কেন্দ্ৰ এলেকাৰ  বগাবিল, নবিল,তৰাজান আৰু ব্ৰহ্মগাঁও প্ৰাথমিক বিদ্যালয়কে ধৰি চাৰিখন বিদ্যালয়ক লৈ এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানটিত নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তানু গৌতম, তৰাজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পাৰুল বৰঠাকুৰকে ধৰি চাৰিওখন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। তৰাজান প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক অৰূপ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে  শিক্ষক হিৰণ্য নাথে ৷

বিদ্যালয়সমূহৰ প্ৰধানশিক্ষক আৰু অন্যান্য শিক্ষক- শিক্ষয়িত্ৰীসকলৰ লগতে অভিভাৱক ও স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত কণ- কণ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত কুইজ ,আকস্মিক বক্তৃতা, কবিতা আবৃত্তিৰ লগতে বিভিন্ন গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে শিক্ষক প্ৰাণজিৎ হাজৰিকা আৰু শিক্ষয়িত্ৰী সুৰস্মিতা ফুকনে।

প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আকৰ্ষণীয় বঁটা বিতৰণ  কৰা হয় । কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক আৰু মানসিক দিশ উন্নয়নৰ স্বাৰ্থতে বিদ্যালয়সমূহৰ মাজত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

jamugurihat school