বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ...

ঢালিগাঁৱত বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ...

ডিজিটেল সংবাদ, চিৰাংঃ বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । চিৰাং জিলাৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বঙাইগাঁও শোধনাগাৰ সংযুক্ত শ্ৰমিক সমন্বয়কৰক্ষী সমিতিৰ উদ্যোগত আৰু চিটুৰ সহযোগত কেইবাশতাধিক শ্ৰমিকে ৫ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ।

উল্লেখ্য যে ভাৰতীয় তেল নিগমৰ অধীনস্থ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ আৰু শোধনাগাৰৰ একাংশ ঠিকাদাৰৰ সৈতে মিতিৰালি কৰি দীৰ্ঘদিনৰ পৰা শ্ৰমিক বিৰোধী নীতি কাৰ্যকলাপ চলাই আছে বুলি বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী কমিটিৰ দিলিপ বৰ্মনে অভিযোগ কৰে ।

বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ আৰু শোধনাগাৰৰ একাংশ ঠিকাদাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বাবেই বঙাইগাঁও শোধনাগাৰৰ কৰ্মৰত বিভিন্ন ঠিকাদাৰৰ অধীনত কাম কৰি থকা বহুকেইজন অস্থায়ী শ্ৰমিকে পৰ্যায়ক্ৰমে কৰ্মসংস্থান হেৰুৱাব লগা হৈছে । ইমান বছৰে বিজিআৰত অস্থায়ী শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া এই শ্ৰমিক সকলে বিগত দুমাহ ধৰি কৰ্মসংস্থান হেৰুৱাই ঘৰত বহি থাকিব লগা হৈছে ।

এনেধৰনৰ শ্ৰমিক সকলৰ স্বাৰ্থ বিঘ্নিত হোৱা সমস্যাসমূহ সমাধান কৰা হকে শ্ৰমিক সংগঠনৰ পৰা বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ বহুবাৰ লিখিত অভিযোগ দাখিল কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা শ্ৰমিক সকলৰ এই জলন্ত সমস্যা সমূহ সমাধান কৰিবলৈ শোধনাগাৰ কতৃপক্ষই কোনোধৰনৰ গুৰুত্বাৰোপ কৰা নাই বুলি অভিযোগ বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী কমিটিৰ।

বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ এই শ্ৰমিক বিৰোধী নীতিৰ সুযোগ গ্ৰহণ কৰি শোধনাগাৰৰ বিভিন্ন নিৰ্মাণ কাৰ্য্যৰ লগতে অন্যান্য কামকাজৰ সৈতে জড়িত ঠিকাদাৰগোষ্ঠীয়ে নিজৰ ইচ্ছামতে কৰ্মৰত অস্থায়ী শ্ৰমিক সকলক নীতিবহিঃভূত ভাবে আঁতৰাই দি নতুন শ্ৰমিকক নিয়োগ কৰি আছে। এনেধৰনৰ শ্ৰমিক বিৰোধী অনিয়ম চলি থকাৰ পিছতো এই ঘটনা সন্দৰ্ভত বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ নিমাত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে ।

শেহতীয়াকৈ বঙাইগাঁও শোধনাগাৰৰ শ্ৰমিক সকলৰ এই আন্দোলনৰ পিচত গুৱাহাটীৰ শ্ৰম আয়োগৰ পৰা শোধনাগাৰ কতৃপক্ষ আৰু আন্দোলনকাৰী শ্ৰমিক সংগঠনৰ নেতৃত্ববৰ্গক মাতি পঠিওৱা হৈছিল। শ্ৰম আয়ুক্তৰ সন্মুখত বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই শ্ৰমিক সকলৰ দাবী আৰু সমস্যা সমূহ অতি সোনকালে সমাধান কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু কাৰ্য্যক্ষেত্ৰত বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ আজিলৈকে সেই সমস্যা দুৰ কৰিবলৈ কোনোধৰনৰ ব্যবস্থা গ্ৰহণ কৰা নাই অভিযোগ কৰে ।

বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ মইমতালিত অতিষ্ঠ প্ৰতিবাদকাৰী শ্ৰমিক সংগঠনৰ নেতৃত্ববৰ্গ সকলে কয় যে বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই যদি শ্ৰমিক বিৰোধী নীতি পৰিহাৰ নকৰে তেনেহলে চলিত মাহৰ ২৩ তাৰিখে কৰ্মবিৰতি কাৰ্য্যসূচী ৰূপায়ন কৰিব আৰু ২৯ , ৩০ তাৰিখে দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ দৰে কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে ।

বঙাইগাঁও শোধনাগাৰ