বন্ধুত্বৰ জৰিয়তে সমস্যা সমাধান কৰিব ভাৰত-বাংলাদেশেঃ আজি মোডী-হাছিনাৰ দ্বিপাক্ষিক বৈঠক...

৪ দিনীয়া ভ্ৰমণসূীৰে ভাৰতলৈ আহিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।

author-image
Asomiya Pratidin
New Update
বন্ধুত্বৰ জৰিয়তে সমস্যা সমাধান কৰিব ভাৰত-বাংলাদেশেঃ আজি মোডী-হাছিনাৰ দ্বিপাক্ষিক বৈঠক...

ডিজিটেল ডেস্কঃ ৪ দিনীয়া ভ্ৰমণসূীৰে ভাৰতলৈ আহিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীকক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি ভৱনৰ ফ'ৰক'ৰ্টত আদৰণি জনাই আৰু ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ তিনিওটা বাহিনীয়ে হাছিনাক গাৰ্ড অব অনাৰ প্ৰদান কৰে।

উল্লেখ্য যে ভাৰত ভ্ৰমণলৈ অহা হাছিনাই প্ৰধানমন্ত্ৰী মোডীৰ সৈতে অৰ্থনৈতিক বিকাশ, দৰিদ্ৰতা দূৰীকৰণ, জনসাধাৰাণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আদি দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আলোচনা দ্বিপাক্ষীক আলোচনাত বহিব। এই প্ৰসংগত সাংবাদিকৰ আগত হাছিনাই কয় যে, আমাৰ মূল লক্ষ্য হৈছে অৰ্থনৈতিক বিকাশ আৰু আমাৰ জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰা।

তেওঁ কয়, বন্ধুত্বৰ জৰিয়তেে যিকোনো সমস্যা সমাধান কৰিব পাৰি। গতিকে আমি সদায় সেয়াই কৰোঁ। উল্লেখ্য যে ভাৰত ভ্ৰমণলৈ অহা হাছিনাই এই ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকো সাক্ষাত কৰিব।

ইফালে সোমবাৰে হাছিনাক সাক্ষাত কৰে দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানিয়ে। তেওঁৰ বাহিৰেও দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও সাক্ষাত কৰে। আজি বিয়লি প্ৰধানমন্ত্ৰী মোডীৰে হাছিনাৰ দ্বিপাক্ষীক বৈঠকৰ সময় নিৰ্ধাৰণ কৰা হৈছে।

মঙ্গলবাৰে পুৱাই ৰাজঘাটলৈ গৈ মহামানৱ মহাত্মা গান্ধীৰ স্মৃতিসৌধত পুস্পাঞ্জলি অৰ্পণ কৰে। আনহাতে এই ভ্ৰমণসূচীৰ মাজতে তেওঁ নিজামুদ্দিন আউলিয়া দৰগাহ, আজমীৰ শ্বৰীফ ভ্ৰমণ কৰিব।

narendra modi india bangladesh sheikh hasina