অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৰগীত-কামৰূপী লোকগীতৰ কৰ্মশালা...

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৰগীত-কামৰূপী লোকগীতৰ কৰ্মশালা...
Published on
Updated on

ডিজিটেল সংবাদ, নামৰূপ: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নামৰূপৰ স্বৰগম ফাউণ্ডেশ্যনৰ সৌজন্যত ১৫দিনীয়াকৈ বৰগীত আৰু কামৰূপী লোকগীতৰ কৰ্মশালা অনুষ্ঠিত হয়। বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা কৰ্মশালাখনিৰ দেওবাৰে শুভ আৰম্ভনি অনুষ্ঠান অনুষ্ঠিত হয় বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। শুভ উদ্ধোধনী অনষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ কমলা কান্ত গগৈ।

অনুষ্ঠানৰ আৰম্ভনিতে এগছি ভক্তি প্ৰদীপ প্ৰজ্বলন কৰি প্ৰাক্তন পদাধিকাৰগৰাকীয়ে l বক্তব্যত কয় যে অসম চৰকাৰে ৰাজ্যৰ প্ৰতিটো সমষ্টিত এনেদৰে অসমৰ থলুৱা গীত মাতৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি নৱ প্ৰজন্মৰ মাজত এটা সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিছে। ইয়াক এক প্ৰসংশনীয় পদক্ষেপ বুলি অভিহিত কৰে।

সভাত উপস্থিত থকা আন এগৰাকী বিশিষ্ট অতিথি বি ভি এফ চি এলৰ মুখ্য প্ৰশাসনিক বিষয়া পংকজ কুমাৰ গগৈয়ে তেওঁৰ সাৰুৱা বক্তব্যত কয় যে নামৰূপ হ'ল সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰ আৰু ৰাজ্যখনৰ ভিতৰতে আগবঢ়ায় অঞ্চল। লগতে অসম চৰকাৰৰ পদক্ষেপক আদৰণী জনায়। বিশিষ্ট সমাজ সেৱক ৰঞ্জিত বৰুৱাই বক্তব্যত কয় বৰ্তমান চৰকাৰে কলা সংস্কৃতি আৰু ক্ৰীয়া চৰ্চা বিষয়টোত অধিক গুৰুত্ব দিয়া দেখা গৈছে। ই অতি শুভ লক্ষণ বুলিও অভিহিত কৰে।

আন এগৰাকী বিশিষ্ট অতিথি নামৰূপ পৌৰসভাৰ পৌৰপতি প্ৰশান্ত গগৈয়ে সভাত বক্তব্য প্ৰদান কৰে। সভাৰ আঁত ধৰা আৰু আদৰণী ভাষণ প্ৰদান কৰে স্বৰ গমৰ সভাপতি স্মৃতি ৰেখা কলিতাই। কৰ্মশালা খনিত বৰগীতত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ অনন্ত ওজা আৰু কামৰূপী লোকগীতত থাকে অনাতাঁৰ শিল্পী স্মৃতি ৰেখা কলিতাই। অহা ২৮ জুলাইত কৰ্মশালা খনি অন্ত পৰিব। নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠানত উপস্থিত থাকিব সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্থানীয় বিধায়ক তৰংগ গগৈ প্ৰমুখ্যে বহু গুণী জ্ঞানী ব্যক্তিসকল।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বৰগীত-কামৰূপী লোকগীতৰ কৰ্মশালা...
নগাঁৱৰ জেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in