বৰহোলা বিজয় নগৰ গাঁৱত বাঘৰ আতংক...

বৰহোলা বিজয় নগৰ গাঁৱত বাঘৰ আতংক...

author-image
Asomiya Pratidin
New Update
বৰহোলা বিজয় নগৰ গাঁৱত বাঘৰ আতংক...

ডিজিটেল সংবাদ,ঘিলাধাৰীঃ বৰহোলা বিজয় নগৰ গাঁৱত বাঘৰ বিচৰণক লৈ অঞ্চলটোৰ ৰাইজ মাজত আতংক সৃষ্টি হৈছে৷বন ৰজাই গাঁওখনৰ হেমন্ত জিৎ দাস নামৰ ব্যক্তিজনৰ নিজা গোহালিত থকা দুজনী ছাগলীক ভক্ষণ কৰা লগতে চুবুৰীটো আন এজন ব্যক্তিৰ পথাৰত চৰি থকা পশুধনক আক্ৰমণ কৰে৷

ছাগলীৰ গৰাকী হেমন্ত জিৎ দাসে জানিবলৈ দিয়ামতে বাঘে পিছফালৰ ধাননি পথাৰৰ পৰা আহি ছাগলী দুজনিক ভক্ষণ কৰেহি৷গোহালিৰ কাষত আৰু ধাননি পথাৰৰ আলিত বাঘৰ ভৰিৰ চিন প্ৰত্যক্ষ কৰাত এই কথা নিশ্চিত হয়৷

ইয়াৰ পিছতে স্থানীয় আৰক্ষী থানা আৰু বন বিভাগক খবৰ দিয়ে৷ইতিমধ্যে বন বিভাগৰ বিষয়া-কৰ্মচাৰী আহি ঠাইডোখৰত পিঞ্জৰা স্হাপন কৰিছে৷ বনাঞ্চলৰ পৰা জনাঞ্চলত বন ৰজা বিচৰণ ফলত পশুপালক সকলে পুৱা পশুধনৰ কাৰণে পথাৰলৈ ঘাঁহ কাটিবলৈ,ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিয়াবলৈ ভয় কৰা লগতে সন্ধিয়া সোনকালে ঘৰত প্ৰবেশ কৰিবলগীয়া হৈছে৷

বৰহোলা