ডিজিটেল সংবাদ, গুৱাহাটী : বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ সোণতলী স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি বৰ্ণিল কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। ৰাঙাপানী ইছমাইল হুছেইন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নুৰুল ইছলামে কোৰান পাঠেৰে আৰম্ভ কৰা সভাত সভাপতিত্ব কৰে শাখা সাহিত্য সভাৰ সভাপতি ছামছুল আলম ভূঞাই।
চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত সংগীতেৰে শুভাৰম্ভ কৰা কবি সন্মিলনখনি সঞ্চালনা কৰে বিশিষ্ট কবি মিৰ্জা হুমায়ুন কবিৰে। শাখা সভাৰ সম্পাদক ছেকান্দাৰ আলী আহমেদ আৰু সাহিত্য সম্পাদক আনোৱাৰ হুছেইনে আঁত ধৰা, উদ্দেশ্য ব্যাখ্যা কৰা, আদৰণি ভাষণ দিয়া সন্মিলনখনি উদ্ধোধন কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মোবাৰক আহমেদে ।
ইয়াৰ পিছত সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক, কবি দীপক শৰ্মাই অংশ লৈ কয়- "কবিতাই দুখন সমাজৰ মাজত দেখা বাধাৰ প্ৰাচীৰ আঁতৰাব পাৰে। কবিতাই নিৰ্মাণ কৰিব পাৰে সুশৃংখলিত সমাজ । কবিতাই গঢ়িব পাৰে এখন মুকুতামালা সদৃশ সমাজ।"
কবি-সাহিত্যিক শৰ্মাই আৰু কয়- "সোণতলীক এতিয়া চৰ বুলি ক'ব নালাগে। গাঁৱো নহয়; এতিয়া এখন বিতোপন মফচলীয় চহৰ। সোণতলীয়ে বহু জনম দিলে কবি, সাহিত্যিক, শিল্পী, চিকিৎসক, অভিযন্তা, অধিবক্তা, শিক্ষাবিদ, সমাজ হিতৈষী ব্যক্তি আদি ।"
সভাত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই বিশিষ্ট অতিথি হিচাপে অংশ লৈ কয়- "কবিতা হৃদয়ৰ পৰা সৃষ্টি হয়। কবিতাৰে সমাজ সংস্কাৰ কৰিব পাৰি।"
সভাত ডায়েট ,দুধনৈ(গোৱালপাৰা)ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা তথা বিশিষ্টা কবি ড০ সুষমা মজুমদাৰ, বিশিষ্টা কবি -লেখিকা বুলু কুমাৰী বড়া, গৰৈমাৰী চাইন্স একাডেমীৰ অধ্যক্ষ তথা সৰবৰহী ব্যক্তি দোস্ত হবিবুৰ ৰহমান, গৰৈমাৰী এফ এ আহমেদ মহাবিদ্যালয়ৰ অধ্যাপক মহিবুল হক চৌধুৰী, জলজলী শাখা সাহিত্য সভাৰ সভাপতি আলাউদ্দিন আল আমিনে আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ কবিতা আৰু সাহিত্য সৃষ্টিৰ ওপৰত আলোকপাত কৰে। পঠিত কবিতাৰ ওপৰত আলোকপাত কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ এম চি বাবু আৰু কবি নুৰ নাহাৰ জিয়াই ।
সন্মিলনত ছামছুল আলম ভূঞা, বাহাৰুল ইছলাম, জেহেৰুল ইছলাম আহমেদ, আজমল হক চৌধুৰী, মকিবুৰ ৰহমান, মইনুল হক, অনুৰাধা দেৱী, প্ৰভাত চন্দ্ৰ দাস, চন্দন ভৰালী, ৰুকচানা পাৰবিন, মিষ্টাৰ লিমচেন, নুৰুল ইছলাম, ছেলিম আখটাৰ, আজগৰ আলী সৰকাৰ, কাঞ্চন চৌধুৰী, আব্দুল ৰহিম আহমেদ, আতমদ আলী, ড০ জামাল উদ্দিন আহমেদ, হাফিজুৰ ৰহমান, নয়ান আলী, মাইনুদ্দিন আহমেদ আদি তিনিকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে।
Also Read: মানকাচৰৰ মেলা ঘাটত ষট্ পূজা : সূৰ্য দেৱতাক প্ৰণাম জনাই বিশ্ব শান্তিৰ পূজা- অৰ্চনা