ডিজিটেল সংবাদ,ধুবুৰী: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক জাতীয় জীৱনৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থভূমি, তিনি বন্ধনীৰ স্থান কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতে ২৫ অক্টোবৰত বৰপেটা সত্ৰত উপস্থিত হৈ বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়া ড° বাবুল দাসক সত্ৰীয়া পৰম্পৰাৰে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে সাম্প্ৰতিক সময়ত মধুপুৰ সত্ৰই সন্মুখীন হোৱা বিভিন্ন অসুবিধা সম্পৰ্কত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ সৈতে এক গাম্ভীৰ্যপূৰ্ণ আলোচনাত মিলিত হয়। বুঢ়াসত্ৰীয়াগৰাকীয়ে মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সময়ৰ পৰাই প্ৰৱৰ্তিত হৈ থকা পৰম্পৰা, ৰীতি-নীতি আৰু ঐতিহ্য যাতে কোনো কাৰণতে ব্যহত নহয় তাৰ বাবে সত্ৰখনলৈ সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
বুঢ়া সত্ৰীয়াগৰাকীয়ে লগতে সত্ৰখনৰ সৰ্বাংগীন উন্নয়ন আৰু সত্ৰীয়া কৃষ্টি সংস্কৃতি প্ৰচাৰৰ ক্ষেত্ৰত সত্ৰখনে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ যাতে সফলভাৱে ৰূপায়ণ হয় তাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। সম্বৰ্ধনা অনুস্থানত মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ গৰাকীৰ লগত সত্ৰৰ একনিষ্ঠ সেৱক ডা: কেশৱ চন্দ্ৰ দাস, ধনঞ্জয় ভকত, বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সংগঠক বনমালী পাঠক আৰু হৰিদেৱ দাসে অংশগ্ৰহণ কৰে। সত্ৰাধিকাৰগৰাকীয়ে বৰপেটা সত্ৰ দৰ্শন কৰাৰ পিছত পাটবাউসী, সুন্দৰীদিয়া আৰু বৰপেটাৰোড শাখা সত্ৰ দৰ্শন কৰে।
Also Read: পাঁচ হাজাৰ সমৰ্থকৰ সৈতে মনোনয়ন দাখিল বিপিএফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ