চাপৰত উদ্ধাৰ হ'ল বৰপেটা ৰোডত হাইজেক হোৱা আদাভৰ্তি ট্ৰাক...

চাপৰত উদ্ধাৰ হ'ল বৰপেটা ৰোডত হাইজেক হোৱা আদাভৰ্তি ট্ৰাক...
Published on
Updated on

ডিজিটেল সংবাদ, চাপৰঃ যোৱা বৃহস্পতিবাৰে নিশা বৰপেটা ৰোডৰ পৰা ৮-১০ জনীয়া ডকাইতৰ এটা দলে WB 23G 0771 নম্বৰৰ আদা ভৰ্তি এখন ট্ৰাক হাইজেক কৰাৰ লগতে চালক জনৰ হাত ভৰি বান্ধি মাৰধৰ কৰি বঙাইগাঁও জিলাৰ বৰঘোলাৰ এঠাইত পেলাই দিয়ে। পিছত এক গোপন খবৰৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাতীপোতাৰ ইচলামাৰীৰ পৰা ট্ৰাকখন উদ্ধাৰ কৰে।

আৰক্ষীয়ে খেৰডুবী অঞ্চলৰ পৰা দুখন বলেৰ পিকআপ ভেনত আদা খিনি লোড কৰি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দকৃত আদা ভৰ্তি বলেৰো দুখনৰ নম্বৰ হৈছে AS 19AC 4932 আৰু AS26C 4270। ঘটনা সন্দৰ্ভত বলেৰো এখনৰ এগৰাকী চালকক আটক কৰিবলৈ সক্ষম হয় যদিও বাকীখিনি মানুহ পলাই যাবলৈ সক্ষম হয়।

আটকাধীন চালক গৰাকী চাপৰৰ পুঠিমাৰী গাঁৱৰ জয়নুৰ আলী বুলি জানিব পৰা গৈছে। বাকী পলাতক সকলোক বিচাৰি চাপৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।জানিব পৰা মতে আদা ভৰ্তি ট্ৰাকখন শ্বিলঙৰ পৰা পশ্চিমবঙ্গ অভিমুখী আহি আছিল।

চাপৰত উদ্ধাৰ হ'ল বৰপেটা ৰোডত হাইজেক হোৱা আদাভৰ্তি ট্ৰাক...
নাৰায়ণপুৰৰ অশোক গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে জ্ঞানদ্বীপ ফুকনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in